হোজাই, 23 জুলাইঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণ প্ৰক্ৰিয়া চলি থকাৰ মাজতে পুনৰ আত্মহত্যা কৰিছে এজন লোকে ৷ হোজাইৰ উদালী কাছাৰী গাঁৱৰ ৰহিম উদ্দিন নামৰ ব্যক্তিজনে এন আৰ চি কৰ্তৃপক্ষৰ সন্ত্ৰাসত বিষপান কৰাৰ অভিযোগ ৷ তথ্য অনুসৰি, নিজৰ মৃত পিতৃৰ নাম বসিৰ উদ্দিনৰ পৰিৱৰ্তে বসিৰ আলী হোৱাৰ বাবেই এন আৰ চি কৰ্তৃপক্ষই লোকজনক 50 হাজাৰ টকা দাবী কৰিছিল অন্যথা জেল হ'ব বুলি ভাবুকি প্ৰদান কৰিছিল ৷ ঘটনাৰ পিচতেই আনৰ হতুৱাই লংকা চক্ৰ বিষয়াৰ কাৰ্যালয়ত নিজে নগৈ আনৰ হতুৱাই আবেদন জনাইছিল ব্যক্তিগৰাকীয়ে ৷ কিন্তু চক্ৰ বিষয়াৰ কাৰ্যালয়ে এন আৰ চিৰ নথি-পত্ৰ নিজে জমা কৰাৰ লগতে স্বাক্ষৰ কৰিব লাগিব বুলি জনোৱাত গ্ৰেপ্তাৰ হোৱাৰ ভয়তে মানসিক ভাৰসাম্য হেৰুৱাই বিষপান কৰে ৰহিম উদ্দিনে ৷ শনিবাৰে দিনৰ ভাগত সংঘটিত হোৱা ঘটনাৰ পিচতে পৰিয়ালৰ লোকে ৰহিমক লংকা প্ৰাথমিক চিকিৎসালয়লৈ লৈ যায় যদিও অৱস্থা সংকটজনক হোৱাত হোজাইৰ চিকিৎসালয়লৈ স্থানান্তৰ কৰে ৷ হোজাই চিকিৎসালয়ত স্বাস্থ্যৰ উন্নতি ঘটাৰ বাবে পৰিয়ালৰ লোকে ঘৰলৈ লৈ আনে যদিও সোমবাৰে পুনৰ বিষপান কৰে লোকজনে ৷ এনে অৱস্থাত চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয় ৰহিম উদ্দিনৰ ৷
উল্লেখ্য যে, প্ৰথম আৰু দ্বিতীয় খচৰাত নাম অহা ৰহিম উদ্দিনৰ পিতৃ বসিৰ আলীৰ নাম 1970 চনৰ ভোটাৰ তালিকাত অন্তৰ্ভূক্ত হৈ আছিল ৷ কিন্তু এন আৰ চি কৰ্তৃপক্ষই ৰহিম উদ্দিনৰ অজ্ঞতাৰ সুযোগ লৈ ধন দাবী কৰাৰ লগতে বাৰে বাৰে মানসিক হেঁচা প্ৰদান কৰিছিল লোকজনক ৷ যাৰ পৰিনতিত এইদৰে আত্মহত্যা কৰিবলৈ বাধ্য হৈ পৰে লোকজন ৷ যিটো সময়ত শুদ্ধ আৰু নিকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰকাশৰ বাবে দেশৰ উচ্চতম ন্যায়ালয়ে চৰকাৰক বাৰম্বাৰ নিৰ্দেশনা প্ৰদান কৰি আহিছে তেনে অৱস্থাত একাংশ ঘোচখোৰ আৰু অনভিজ্ঞ চৰকাৰী বিষয়াৰ বাবেই এতিয়া এইদৰে ৰাজ্যত ইজনৰ পিচত সিজন লোকে আত্মহত্যা কৰিবলৈ বাধ্য হৈ পৰিছে ৷