ETV Bharat / state

Tasa Mockes Congress: কংগ্ৰেছক ছুইংগামৰ সৈতে তুলনা সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ

author img

By

Published : Jan 27, 2023, 9:09 PM IST

নগাঁৱত কংগ্ৰেছক তীব্ৰ কটাক্ষ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ । বিৰোধী কংগ্ৰেছক ছুইংগামৰ সৈতে তুলনা সাংসদ তাছাৰ । নগাঁও মহাবিদ্যালয়ত পৰীক্ষা পে’ চর্চা অনুষ্ঠানত অংশগ্ৰহণৰ পিছত এই মন্তব্য সাংসদগৰাকীৰ (pariksha pe charcha 2023) । আগন্তুক লোকসভা নিৰ্বাচনত 12 খন আসন দখলৰ দৃঢ়তা সাংসদ তাছাৰ ৷

Tasa Mockes Congress
কংগ্ৰেছক তীব্ৰ কটাক্ষ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ

নগাঁও, 27 জানুৱাৰী: ক্ৰমাৎ চমু চাপি আহিছে দেশৰ সাধাৰণ নিৰ্বাচনৰ সময় । আগন্তুক লোকসভা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে শাসক-বিৰোধী উভয় পক্ষ (Lok Sabha election 2024)। 2024ত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচন সন্দৰ্ভত মন্তব্য কৰি সাংসদ কামাখ্যা প্ৰসাদ তাছাই তীব্ৰ কটাক্ষ কৰে বিৰোধী কংগ্ৰেছক । এইবাৰ কংগ্ৰেছক চুইংগামৰ সৈতে তুলনা কৰিলে সাংসদ কামাখ্যা প্ৰসাদ তাছাই । নগাঁৱত সংবাদ মাধ্যমৰ সন্মুখত কংগ্ৰেছক কটাক্ষ কৰি সাংসদ তাছাই কয় যে, কংগ্ৰেছ এতিয়া ছুইংগামৰ দৰে, পিচে ছুইংগাম খাই ৰাইজৰ পেট নভৰে । সেয়ে এইবাৰ ছুইংগাম ৰাইজে নাখায় । এয়া প্ৰমাণ হ'ব আগন্তুক লোকসভা নিৰ্বাচনত (KamaKhya Tasa termed Congress swing gum)।

সাংসদ তাছাই লগতে কয় যে, আগন্তুক লোকসভা নিৰ্বাচনত বেয়াকৈ মুখথেকেচা খাব বিৰোধী কংগ্ৰেছে । 2024 ৰ লোকসভা নিৰ্বাচনত অসমতেই ভাৰতীয় জনতা পাৰ্টিয়ে ১২ খনৰো অধিক আসন লাভ কৰিব বুলি দৃঢ়তাৰে কয় সাংসদজনে (BJP MP KP Tasa criticizes congress)। শুকুৰবাৰে নগাঁও মহাবিদ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে সাংসদ কামাখ্যা প্ৰসাদ তাছাই (pariksha pe charcha programme)। নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ সৈতে আজি নগাঁও মহাবিদ্যালয়ত পৰীক্ষা পে’ চৰ্চা অনুষ্ঠানত ভাগ লয় সাংসদ গৰাকীয়ে ।

উল্লেখ্য যে, ইতিমধ্যে লোকসভা নিৰ্বাচনৰ বাবে দেশৰ ৰাজনৈতিক দলসমূহৰ মাজত আৰম্ভ হৈছে ব্যাপক কুচকাৱাজ ৷ 2024 চনত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ লক্ষ্য আগত ৰাখিয়েই কংগ্ৰেছ দলে দেশত দুটাকৈ সমদল বাহিৰ কৰিছে ৷ ইয়াৰে প্ৰথমটো হৈছে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ ভাৰত জোড়ো যাত্ৰা ৷ এই যাত্ৰাৰ নেতৃত্ব দিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৷ 2022 চনৰ 7 চেপ্টেম্বৰত কন্যাকুমাৰীত আৰম্ভ কৰা হয় এই যাত্ৰাৰ ৷ ইয়াৰ অন্ত পৰিব কাশ্মীৰত অহা 30 জানুৱাৰীত ৷ ইতিমধ্যে ৰাহুল গান্ধী আৰু আন কংগ্ৰেছ নেতাসকল জম্মুত গৈ উপস্থিত হৈছে (Bharat Jodo Yatra by Congress) ৷

কংগ্ৰেছে আৰম্ভ কৰা আনটো যাত্ৰা হ’ল হাথ সে হাথ জোড়ো যাত্ৰা ৷ দেশৰ প্ৰতিখন ৰাজ্যতে কংগ্ৰেছ দলৰ নেতা-কৰ্মী সকলে এই যাত্ৰাত অংশগ্ৰহণ কৰিছে ৷ বুথসমূহক দলৰ সৈতে সাঙুৰি ৰখাৰ বাবেই এই যাত্ৰা হাতত লোৱা হৈছে (Hath Se Hath Jodo Yatra) ৷ 26 জানুৱাৰীত আৰম্ভ হৈছে এই যাত্ৰা ৷ অসমতো প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত আৰম্ভ হৈছে হাথ সে হাথ জোড়ো যাত্ৰা ৷ এই যাত্ৰাৰ জৰিয়তে ৰাজ্যৰ 35 লাখ মানুহৰ কাষ চপা হ’ব আৰু আগন্তুক দুমাহলৈ সমগ্ৰ অসমত হাথ সে হাথ জোড়ো যাত্ৰা চলিব বুলি জানিব পৰা গৈছে ।

ইফালে পিচপৰি থকা নাই বিজেপি দলো ৷ দলীয় ৰণনীতি অনুসৰি বিজেপিও জনতাৰ ওচৰলৈ আহিবলৈ আৰম্ভ কৰিছে ৷ বিজেপিৰ বাবে এইবাৰ প্লাছ পইন্ট হৈ পৰিছে গুজৰাট বিধানসভা নিৰ্বাচনত বিজেপিৰ নিৰংকুশ বিজয় ৷ অভিলেখ সৃষ্টিকাৰী এই বিজয়ে বিজেপি দলৰ দৃঢ়তা বৃদ্ধি কৰিছে ৷ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পুনৰ এবাৰ কেন্দ্ৰত চৰকাৰ গঠনৰ বাবে দৃঢ় সংকল্প গ্ৰহণ কৰিছে দলটোৱে ৷ অসমতো বিজেপিয়ে বাকী বিৰোধীৰ অস্তিত্বক এক প্ৰকাৰ নস্যাৎ কৰি 14 খন লোকসভা আসনৰ ভিতৰত 12 খনেই দখল কৰিব বুলি দাবী কৰি আহিছে (BJP MPs from Assam) ৷

ইফালে, লোকসভাৰ আসনক লৈ বিজেপি আৰু মিত্ৰদল অগপৰ মাজত এক ভিতৰুৱা সংঘাত সৃষ্টি হোৱাৰ উমান পোৱা গৈছে ৷ অগপই পূৰ্বতকৈ অধিক আসনত প্ৰতিদ্বন্দিতা কৰাৰ দাবী তোলাৰ বিপৰীতে বিজেপিয়ে অগপৰ আসনৰ সংখ্যা হ্ৰাস কৰিবলৈ ঠিৰাং কৰাৰ এক আভাস পোৱা গৈছে ৷ বৰ্তমান লোকসভাত অসমৰ বিজেপিৰ সাংসদ আছে 9 গৰাকী, কংগ্ৰেছৰ 3 গৰাকী, এআইইউডিএফৰ এগৰাকী আৰু গণ সুৰক্ষা পাৰ্টীৰ এগৰাকী ৷

লোকসভা নিৰ্বাচনৰ পূৰ্বে 2023 চনতে উত্তৰ-পূৰ্বাঞ্চলৰ 4 খন ৰাজ্যসহ দেশৰ 9 খন ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন (Up coming elections in India) ৷ এই নিৰ্বাচনৰ ফলাফলে লোকসভা নিৰ্বাচনত এক উল্লেখনীয় ভূমিকা পালন কৰিব বুলি চৰ্চা হৈছে ৷ বিধানসভা নিৰ্বাচন অনুুষ্ঠিত হ’বলগীয়া ৰাজ্যকেইখনৰ ভিতৰত তিনিখন ৰাজ্যত বিজেপি দলৰ চৰকাৰ থকাৰ বিপৰীতে আন তিনিখনত আছিল মিত্ৰগোটৰ চৰকাৰ ৷ কংগ্ৰেছৰ শাসন আছিল দুখন ৰাজ্যত ৷ এইবাৰৰ বিধানসভা নিৰ্বাচনত এই 9 খন ৰাজ্যৰ ফলাফলে আগন্তুক লোকসভা নিৰ্বাচনৰ ছবিখন পৰিস্ফূট কৰি তুলিব বুলি ধাৰণা কৰা হৈছে ৷

লগতে পঢ়ক: Bamunbari High School: পৰিচালনা সমিতিৰ সভাপতিয়ে প্ৰধান শিক্ষকৰ পৰা কাঢ়ি নিলে মধ্যাহ্ন ভোজনৰ ধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.