ETV Bharat / state

জখলাবন্ধাত শ্বহীদ দিৱস পালন অসম গণ পৰিষদৰ - জখলাবন্ধা মিলন সংঘৰ প্ৰাঙ্গনত দিনযোৰা

অসম গণ পৰিষদ দলৰ কলিয়াবৰ বিধান পৰিষদ সমিতিৰ উদ‍্যোগত জখলাবন্ধা পঞ্চায়ত পৰিষদৰ সহযোগত কলিয়াবৰত শ্বহীদ দিৱস পালন কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে অগপ দলৰ সাংগঠনিক সম্পাদক তথা তথ‍্য কোষৰ দায়িত্ববাহী মণিমাধৱ মহন্ত ।

Sahid divash in Jakhlabanda
জখলাবন্ধাত শ্বহীদ দিৱস পালন অসম গণ পৰিষদৰ
author img

By

Published : Dec 10, 2020, 10:04 PM IST

নগাঁও, 10 ডিচেম্বৰ : অসম গণ পৰিষদ দলৰ কলিয়াবৰ বিধান পৰিষদ সমিতিৰ উদ‍্যোগত জখলাবন্ধা পঞ্চায়ত পৰিষদৰ সহযোগত কলিয়াবৰত শ্বহীদ দিৱস পালন কৰা হয়। জখলাবন্ধা মিলন সংঘৰ প্ৰাঙ্গনত দিনযোৰা কাৰ্য‍সূচীৰে আয়োজিত হোৱা শ্বহীদ দিৱসত পুৱা দলীয় পতাকা উত্তোলন কৰাৰ পিচতেই শ্বহীদ তৰ্পণেৰে শ্বহীদসকলক স্মৰণ কৰা হয় ৷ অনুষ্ঠানত উপস্থিত থাকে অগপ দলৰ সাংগঠনিক সম্পাদক তথা তথ‍্য কোষৰ দায়িত্ববাহী মণিমাধৱ মহন্ত ।

১৯৭১ চনৰ বাংলাদেশেৰ স্বাধীনতা যুদ্ধৰ সময়চোৱাত পূব পাকিস্তানৰ পৰা বহুসংখ্যক লোকে ভাৰত তথা অসমলৈ প্ৰব্ৰজন কৰে। ১৯৭৮ চনত পোনপ্ৰথমবাৰৰ বাবে অনুপ্ৰবেশকাৰী সমস্যাই অসমীয়া ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিলে । ১৯৭৮ চনৰ ২৪ মাৰ্চত লোকসভাৰ সদস্য হীৰালাল পাটোৱাৰীৰ মৃত্যু হোৱাৰ ফলত মংগলদৈ লোকসভা সমষ্টিত উপ-নিৰ্বাচনৰ বাবে ২৭ এপ্ৰিলত ভোটাৰ তালিকা সংশোধনৰ জাননী জাৰী কৰা হয়। কেৱল মঙলদৈতে প্ৰায় ৪৫০০০ সন্দেহজনক বিদেশী নাগৰিকৰ নাম ভোটাৰ তালিকাত দেখা গ'ল। সৰ্বত্ৰে প্ৰতিবাদ হ'ল।

Sahid divash in Jakhlabanda
জখলাবন্ধাত শ্বহীদ দিৱস পালন অসম গণ পৰিষদৰ
১৯৭৯ চনৰ ২৭ জুনত 'আছু'ৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয় চৌদহত বহিৰাগত সমস্যাক লৈ অনুষ্ঠিত এখন সভাত জাতীয়তাবাদী দলে এই সমস্যাৰ সমাধান নোহোৱা পৰ্য‍ন্ত অসমত নিৰ্বাচন আৰু লোকপিয়ল বন্ধ ৰাখিবলৈ চৰকাৰক অনুৰোধ জনায়। চৰকাৰে কৰ্ণপাত নকৰিলে । আছুৱে "বিদেশী বহিষ্কাৰ"ক মূল দাবী হিচাপে লৈ আন্দোলন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে । ১৯৭৯ চনৰ চেপ্তেম্বৰত শ্ৰেণী বৰ্জন আৰু ধৰ্ণা কাৰ্যসূচী পালন কৰা হয় । ইফালে মুখ্য নিৰ্বাচন আয়ুক্তই ১৯৭৮ চনৰ ভোটাৰ তালিকা অনুসৰি নিৰ্বাচন পাতিবলৈ নিৰ্দেশ দিয়ে । তেতিয়া বিদেশী ভোটাৰৰ নাম থকা ভোটাৰ তালিকাৰে অসমত নিৰ্বাচন অনুষ্ঠিত হ'ব নিদিবলৈ গণ আন্দোলনে গা কৰি উঠে । নিৰ্বাচনত মনোনয়ন পত্ৰ দিবলৈ যোৱা প্ৰাৰ্থীক বাধা প্ৰদান কৰিবলৈ গৈ ১৯৮০ চনৰ ১০ ডিচেম্বৰত ভৱানীপুৰত খৰ্গেশ্বৰ তালুকদাৰ অসম আন্দোলনৰ প্ৰথম শ্বহীদ হয়।

লগতে পঢ়ক :বন্দীত্বৰ এটা বছৰ : মুকলি আকাশৰ তললৈ কেতিয়া আহিব অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.