ধিং, 9মেঃ উন্নয়নৰ নামত বছৰ বছৰ ধৰি বিধায়ক আমিনুল ইছলামে ভেঁকোভাওনা কৰাৰ অভিযোগ উত্থাপন কৰিছে ধিং সমষ্টিৰ ৰাইজে ৷ ৰাইজৰ অভিযোগ বিধায়ক আমিনুল ইছলামৰ চূড়ান্ত দায়িত্বহীনতাৰ বাবে ক্ৰমান্বয়ে মৰণফান্দত পৰিণত হৈছে সমষ্টিটোৰ পথছোৱা ৷ স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি একাংশ সুবিধাবাদী ঠিকাদাৰে এই পথছোৱা ধন ঘটাৰ আহিলা স্বৰূপে লোৱাৰ ফলতে চৰকাৰী আঁচনিৰ অনুমোদন দিয়াৰ পিচতো জীয়াতু ভুগি আহিছে সৰ্বসাধাৰণ ৰাইজে ৷
উল্লেখ্য যে ধিং সমষ্টিৰ লেঙেৰিবড়ী পথৰ পৰা পানবাৰী সত্ৰ সংযোগী পথৰ বাবে 2018-19 বৰ্ষৰ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ শিতানত চৰকাৰে ১,১৮,৮৫,১৮৫ টকা অনুমোদন দিয়ে। ১১ ডিচেম্বৰত পথ নিৰ্মাণৰ কাম আৰম্ভ হয় যদিও পথ নির্মাণৰ দায়িত্বত থকা ঠিকাদাৰ ভুবনেশ্বৰ বৰাই পথৰ ওপৰত কেইটামান শিলগুতি চটিয়াই দায়িত্ব সামৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। সেয়ে জাঙুৰ খাই উঠিছে সচেতন ৰাইজ। আধাৰশিলা স্থাপন কৰি চমক সৃষ্টি কৰা বিধায়ক আমিনুল ইছলামক অতিশীঘ্ৰে পথটি মেৰামতি কৰাৰ দাবী জনাই ৷