ETV Bharat / state

ৰাইজৰ গাঁঠিৰ ধনেৰে নিৰ্মাণ কৰা ধিং-মৰিগাঁও সংযোগী পথৰ দুৰাৱস্থা - পথৰ দুৰৱস্থা

বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা , ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম, লাহৰীঘাট সমষ্টিৰ বিধায়ক নজৰুল ইছলাম আৰু মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ সমষ্টিৰ মাজেৰে যোৱা এই গড়কাপ্তানী পথটোৰ চকু পৰা নাই এজনো জনপ্ৰতিনিধিৰ ৷

ৰাইজৰ গাঠিৰ ধনেৰে নিৰ্মাণ কৰা ধিং-মৰিগাঁও সংযোগী পথৰ দুৰৱস্থা
author img

By

Published : May 6, 2019, 5:31 PM IST

বটদ্ৰৱা, 6 মেঃ চাৰিজন বিধায়কৰ চকুত নপৰা এটা বিশেষ গড়কাপ্তানী পথ । জনপ্ৰতিনিধি থকাৰ পিচতো বছৰ বছৰ ধৰি উন্নয়নৰ মুখ নেদেখিলে ধিং-মৰিগাঁও সংযোগী এই গড়কাপ্তানী পথটোৱে ৷ ফলত সোমবাৰে ৰাইজে নিৰ্মাণ কৰিলে শালকতাস্থিত পকী দলঙৰ দুয়োপাৰে থকা এই বিধ্বস্ত পথটি । এই সন্দৰ্ভত চাওঁক প্ৰাঞ্জল বৰাৰ এক প্ৰতিবেদন.....

ৰাইজৰ গাঠিৰ ধনেৰে নিৰ্মাণ কৰা ধিং-মৰিগাঁও সংযোগী পথৰ দুৰৱস্থা

বটদ্ৰৱা, 6 মেঃ চাৰিজন বিধায়কৰ চকুত নপৰা এটা বিশেষ গড়কাপ্তানী পথ । জনপ্ৰতিনিধি থকাৰ পিচতো বছৰ বছৰ ধৰি উন্নয়নৰ মুখ নেদেখিলে ধিং-মৰিগাঁও সংযোগী এই গড়কাপ্তানী পথটোৱে ৷ ফলত সোমবাৰে ৰাইজে নিৰ্মাণ কৰিলে শালকতাস্থিত পকী দলঙৰ দুয়োপাৰে থকা এই বিধ্বস্ত পথটি । এই সন্দৰ্ভত চাওঁক প্ৰাঞ্জল বৰাৰ এক প্ৰতিবেদন.....

ৰাইজৰ গাঠিৰ ধনেৰে নিৰ্মাণ কৰা ধিং-মৰিগাঁও সংযোগী পথৰ দুৰৱস্থা
Intro:চাৰিজন বিধায়কৰ চকুত নপৰা এটা বিশেষ গড়কাপ্তানী পথ । ৰাইজে গাঠিৰ ধনেৰে নিৰ্মাণ কৰিলে পথটি ।Body:এটা গুৰুত্বপূৰ্ণ গড়কাপ্তানী পথ আৰু চাৰিজন জনপ্ৰতিনিধি । জনপ্ৰতিনিধি থকাৰ পিছতো বছৰ বছৰ ধৰি উন্নয়নৰ মুখ নেদেখা এটা গড়কাপ্তানী পথ । এই পথটো হৈছে ধিং, মৰিগাঁও সংযোগী পথ । বছৰ বছৰ ধৰি চাৰিজনকৈ জনপ্ৰতিনিধি থকাৰ পিছতো পথৰ উন্নয়ন নকৰাত সোমবাৰে ৰাইজে নিৰ্মাণ কৰিলে শালকতাস্থিত পকী দলংৰ দুয়োপাৰে থকা বিধস্ত পথটি । বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা , ধিং সমষ্টি বিধায়ক আমিনুল ইছলাম,লাহৰীঘাট সমষ্টিৰ বিধায়ক নজৰুল ইছলাম আৰু মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী সমষ্টিৰ মাজেৰে গৈছে এই গুৰুত্বপূৰ্ণ গড়কাপ্তানী পথটি । ধিং সমষ্টিৰ এই শালকতাস্থিত দলংৰ দুয়োপাৰে বছৰ বছৰ ধৰি যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপত বিধ্বস্ত হৈছে যদি স্থানীয় বিধায়ক আমিনুল ইছলামৰ নাই কোনো গুৰুত্ব । নিৰ্বাচনৰ উচৰ চাপিলে ৰাইজৰ কাষ চপা বিধায়ক আমিনুল ইছলামৰ ৰহস্যজনক তথা উদাসীন ভূমিকাৰ বাবে ধিং , মৰিগাঁও পথটি সম্প্রতি মৰনফান্দলৈ পৰিণত হোৱাৰ গুৰুতৰ অভিযোগ উঠিছে । ধিঙৰ পৰা মৰিগাঁওলৈ যোৱা এই পথছোৱাত বৃহৎ বৃহৎ পুখুৰী সদৃশ গাঁত সৃষ্টি হোৱাৰ উপৰি পথছোৱাৰ দুয়োকাষ সম্পূৰ্ণভাৱে ভাঙি যোৱাৰ ফলত যিকোনো মুহূৰ্ততে দুৰ্ঘটনা সংঘটিত হৈ মৃত্যুক আঁকোৱালি লবলগীয়া হৈছে যদিও গা লৰা নাই গড়কাপ্তানী বিভাগৰ । আনকি সাধাৰণ পদযাত্ৰিৰ বাবেও উক্ত পথছোৱা মৃত্যুৰ দূতলৈ পৰিণত হৈছে।ইপিনে বাৰিষাৰ আগমনৰ লগে লগে যাতায়ত ব্যৱস্থাৰ ক্ষেত্ৰত এক ভয়ংকৰ পৰিস্হিতিৰ সন্মুখীন হব ই নিশ্চিত হৈ পৰিছে। ৰাইজৰ অনুৰোধ অতি সোনকালে এই গুৰুত্বপূৰ্ণ পথটি কৰক মেৰামতি ।__________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.