ETV Bharat / state

নিৰ্বাচনী পৰাজয়ৰ কাৰণ বিশ্লেষণ আঙুৰলতাৰ - ETV Bharat News

ফেচবুক পেজত পৰাজয়ৰ কথা উল্লেখ কৰি সমষ্টিত কি কি উন্নয়নমূলক কাম কৰিলে তাৰ খতিয়ান দাঙি ধৰিলে বটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই । ৰাষ্ট্ৰীয় পৰ্যায়ৰ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক কিয় সমালোচনা কৰিছিল, সেই কথাও উল্লেখ কৰিলে আঙুৰলতাৰ ফেচবুক পেজত ৷

angurlata-deka-wrote-a-post-on-facebook-and-describe-how-she-lost-in-this-election
ফলাফলৰ দুদিন পিছত পৰাজয়ৰ কাৰণ বিশ্লেষণ আঙুৰলতাৰ
author img

By

Published : May 4, 2021, 10:13 PM IST

নগাঁও,4 মে’: সদ্যঘোষিত অসম বিধানসভা নিৰ্বাচনত প্ৰায় ৩২ হাজাৰ ভোটৰ বৃহৎ ব্যৱধানত পৰাজয় বৰণ কৰা বটদ্ৰৱা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই অৱশেষত পৰাজয়ৰ বিশ্লেষণ আগবঢ়ালে ছ’চিয়েল মিডিয়াৰ জৰিয়তে ৷ নিৰ্বাচনী ফলাফল ঘোষণাৰ দুটা দিনৰ অন্তত বটদ্ৰৱাবাসীৰ জনাদেশক সন্মান জনাই ফেচবুক পেজত উল্লেখ কৰিলে পৰাজয়ৰ কাৰণ । ৰাষ্ট্ৰীয় পৰ্যায়ৰ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক আঙুৰলতাই কিয় সমালোচনা কৰিছিল, সেই কথাও প্ৰকাশ কৰিলে ফেচবুক পেজৰ জৰিয়তে ।

ফলাফলৰ দুদিন পিছত পৰাজয়ৰ কাৰণ বিশ্লেষণ আঙুৰলতাৰ

এসময়ৰ মোহময়ী অভিনেত্ৰী আঙুৰলতা ডেকাৰ পৰাজয়ক লৈ একাংশই ছ’চিয়েল মিডিয়াত বিভিন্ন মন্তব্য কৰাৰ সময়ত প্ৰাক্তন বিধায়িকা গৰাকীয়ে নিজেই প্ৰকাশ কৰিলে পৰাজয়ৰ কাৰণ । একাংশই উল্লেখ কৰা মতে, আঙুৰলতা ডেকাক দম্ভ আৰু অহংকাৰৰ বাবেই বটদ্ৰৱাবাসীয়ে প্ৰত্যাখ্যান কৰিছে ৷ কিন্তু আঙুৰলতা ডেকাৰ মতে, সমষ্টিটোত সংখ্যালঘু ভোটাৰৰ সংখ্যা অধিক হোৱা বাবেই এআইইউডিএফৰ সমৰ্থিত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই নিৰ্বাচনত জয় লাভ কৰে ৷

ফেচবুক পেজত নিজৰ পৰাজয়ৰ কথা প্ৰকাশ কৰাৰ লগতে বটদ্ৰৱা সমষ্টিত কি কি উন্নয়নমূলক কাম কৰিলে তাৰো এক ব্যাখ্যা দাঙি ধৰিলে আঙুৰলতা ডেকাই । বটদ্ৰৱা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে আঙুৰলতা ডেকাক ব্যক্তিগতভাৱে আক্ৰমণ কৰাৰ বাবেই কংগ্ৰেছ নেত্ৰী গৰাকীক চোকা সমালোচনা কৰাৰ কথাও উল্লেখ কৰা হৈছিল ফেচবুক প'ষ্টটোত ৷

উল্লেখ্য যে, সদ্যঘোষিত নিৰ্বাচনী ফলাফলত সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই ৮২,২৭৮ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপি প্ৰাৰ্থী আঙুৰলতা ডেকাই লাভ কৰে ৫১,৪৫৮ টা ভোট ।

লগতে পঢ়ক: আৱেগিক সুৰেশ বৰা: জিতু গোস্বামীৰ মুখ্যমন্ত্ৰীৰ পছন্দৰ প্ৰাৰ্থী হিমন্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.