ETV Bharat / state

ব'হাগলৈ দিনচেৰেক: তাঁত শালত মাঁকোৰ খিট-খিটনি - All weavers of Kaliabor are preparing for bihu

বিহু বুলিলেই প্ৰয়োজন হয় জাতিটোৰ সন্মানস্বৰূপ একোখন বিহুৱান । কিন্তু ক্ৰমাৎ যেন কমি কমি আহিছে থলুৱা শিপিনীৰ দ্বাৰা তৈয়াৰ কৰা গামোছাৰ চাহিদা । যাৰফলত বহিঃৰাজ্যত আবেগহীনভাৱে প্ৰস্তুত হোৱা গামোছাই লাহে লাহে দখল কৰিছে বজাৰ । এনে সময়তে কলিয়াবৰত আছুৰ প্ৰশংসনীয় পদক্ষেপ ।

gamosa prduction at kaliabor
ব'হাগলৈ দিনচেৰেক: তাঁত শালত মাঁকোৰ খিতখিতনি
author img

By

Published : Mar 22, 2022, 10:15 PM IST

Updated : Mar 23, 2022, 2:41 PM IST

কলিয়াবৰ,22 মাৰ্চ: চিলা উৰাদি উৰিছে মন । মহুৰা ঘুৰাদি ঘূৰিছে নাচনী । তাঁতশালত ব্যস্ত কাজী শিপিনী । ব'হাগলৈ বেছি পৰ নাই । বসন্তৰ বা-বলিছে । প্ৰকৃতি গাভৰু হোৱাৰ সময় আহিছে । ন-ৰূপা প্ৰকৃতিৰ আঁচল ধৰি ব'হাগ আহিছে । সেয়ে ব'হাগীক আদৰিবলৈ প্ৰান্তে প্ৰান্তে চলিছে প্ৰস্তুতি ।

ঢোল-পেঁপা উঠিছে বাজি । ঢোলৰ গুমগমনিত নাচনী বিহুৱাৰ মন উজনিভাটি । গৰকাত শিপিনীৰ গিৰিপনীত কঁপিছে তাঁতশাল । বাটে পোৱালি দিয়াৰ সময়তে গামোছাত বুটা বাচিছে শিপিনী সকলে । শালে শালে বিহুৱান ।

ব'হাগলৈ দিনচেৰেক: তাঁত শালত মাঁকোৰ খি়ট-খিটনি

কলিয়াবৰৰ নিজ-চিলাবন্ধাত মাঁকোৰ খিত খিতনি । হেঁপাহেৰে বৈছে বিহুৱান । বিগত দুটা বৰ্ষত কৰ’ণা সংক্ৰমণৰ বাবে ৰাজ্যবাসী বঞ্চিত হৈছিল হেঁপাহৰ ৰঙালী বিহু পালনৰ পৰা ৷ কিন্তু এইবাৰ পূৰ্ণ প্ৰস্তুতিৰে বিহুটিক আদৰিবলৈ দুগুণে ব্যস্ত হৈ পৰিছে সকলো ৷ হাতে বোৱা বিহুৱানখনি আপোনজনক যাঁচিবলৈয়ে এতিয়া তাঁতশালত ব্যস্ত সকলো ৷ অৱশ‍্যে এতিয়াও কৰ'ণা সংক্ৰমণ বৃদ্ধিয়ে জটিলতাৰ সৃষ্টিৰ সম্ভাৱনা নথকা নহয় । তথাপিও ৰঙালী বিহুটি আদৰিবলৈ ব‍্যস্ত হৈ পৰিছে এইসকল শিপিনীও ।

বিগত বছৰসমূহত কলিয়াবৰৰ নিজ-চিলাবন্ধা গাঁৱৰ গাঁৱৰ শিপিনীসকলে কিছু পৰিমাণে থলুৱা গামোচাৰ চাহিদা পূৰণ কৰি আহিছে ৷ সমাগত বিহুৰ বাবেও ব‍্যস্ত হৈ পৰিছে কলিয়াবৰৰ নিজ-চিলাবন্ধা গাঁৱৰ শতাধিক শিপিনী, তাঁতশালত এতিয়া বুটাবচা ফুলৰ বিহুৱান বৈছে । কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই গ্ৰহণ কৰিছে প্ৰশংসনীয় পদক্ষেপ । ২০১৮তে আৰম্ভ কৰিছিল থলুৱা গামোচা উৎপাদন আঁচনি । অসমীয়াৰ জাতিৰ সন্মান বিজড়িত গামোচাৰ থলুৱা উৎপাদনৰ লক্ষ্যৰে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই ৰাজ্যৰ বজাৰত বহিৰাগত গামোছাৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে থলুৱা শিপিনীসকলক এক উপাৰ্জনৰ পথ মুকলি কৰি দিয়াৰ বাবে কলিয়াবৰত সদৌ অসম ছাত্ৰ সন্থাই ২০১৮ চনতে আৰম্ভ কৰিছিল থলুৱা গামোচা উৎপাদন আঁচনি ৷ এই আঁচনিৰে গাঁওখনৰ শিপিনীসকলক দিছে বহু পৰিমাণে সকাহ ।

এনেদৰেই এতিয়া সমগ্ৰ ৰাজ্যবাসী ব্য়স্ত হৈছে ৰঙালীক আদৰাৰ প্ৰস্তুতি । ঢুলীয়াই তানিছে ঢোলৰ বৰতী, তাঁতশালত ব্যস্ত কাজী শিপিনি ।

লগতে পঢ়ক : Lahorighat Police thrash minor : ASI উপেন চন্দ্ৰ বৰদলৈক নিলম্বন

Last Updated : Mar 23, 2022, 2:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.