ETV Bharat / state

নগাঁৱত বন্ধ সকলো চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান - নগাঁৱত বন্ধ সকলো শিক্ষানুষ্ঠান

শিক্ষা বিভাগৰ নিৰ্দেশনাৰ পিছতে নগাঁও জিলা প্ৰশাসনেও লৈছে সতৰ্কতামূলক ব্যৱস্থা । চৰকাৰৰ নিৰ্দেশনাৰ পিছতে উপায়ুক্তই জিলাখনৰ সকলো প্ৰতিষ্ঠান বন্ধ ৰখাৰ আহ্বান জনাইছে ।

all school close at nagaon
নগাঁৱত বন্ধ সকলো শিক্ষানুষ্ঠান
author img

By

Published : May 6, 2021, 7:40 PM IST

নগাঁও,৬ মে': ৰাজ্যত কৰ'ণাই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে শিক্ষা বিভাগে বিদ্যালয়,মহাবিদ্যালয় তথা চৰকাৰী-বেচৰকাৰী সকলো প্ৰতিষ্ঠান, হোষ্টেল আদি বন্ধৰ ঘোষণা কৰিছে । ইয়াৰ পিছতে সকলো জিলাৰে প্ৰশাসনৰ লোকসকল সষ্টম হোৱা দেখা গৈছে ।

নগাঁও জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ, কবিতা পদ্মনাভনে চৰকাৰী আৰু বেচৰকাৰী সকলো ধৰণৰ শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা কৰিছে । ক’ভিডৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ সতৰ্কতামূলক ব্যৱস্থা হিচাপে ঘোষণা কৰা এই নিৰ্দেশনা অনুসৰি পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত জিলাখনত প্ৰাক্ প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব । অৱশ্যে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অনলাইন শিক্ষাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।

লগতে পঢ়ক:মুখ্যমন্ত্ৰী কোন: ৰেণুপমাৰ চিঠিয়ে জোকাৰিছে অগপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.