ৰূপহীহাট,২৪ মাৰ্চ: আন আন ৰাজনৈতিক দলসমূহৰ সমান্তৰালকৈ অসম জাতীয় পৰিষদেও বিধানসভা নিৰ্বাচনৰ বাবে অব্যাহত ৰাখিছে প্ৰচাৰ অভিযান । বুধবাৰে নগাঁৱৰ ৰূপহীহাটৰ জুৰীয়াত আঞ্চলিক দলটোৰ নিৰ্বাচনী সভা অনুষ্ঠিত হয় । হেলিকপ্তাৰযোগে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু জনপ্ৰিয় অভিনেত্ৰী জেৰিফা ৱাহিদ উক্ত সভাত উপস্থিত হোৱাৰ কথা আছিল ।
কিন্তু দুৰ্ভাগ্যবশতঃ হেলিকপ্তাৰৰ যান্ত্ৰিক বিজুতি ঘটাৰ বাবে দুয়োগৰাকী সভালৈ আহিব নোৱাৰিলে । সেয়ে টেলিফোনিক বাৰ্তালাপৰ জৰিয়তে লুৰিণজ্যোতি গগৈয়ে সভাত উপস্থিত হ'ব নোৱাৰাৰ কাৰণ সম্পৰ্কে ৰাইজক অৱগত কৰে ৷ লগতে কংগ্ৰেছ-বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে ।
সাম্প্ৰদায়িক শক্তিৰ বিৰূদ্ধে জাতীয় পৰিষদৰ পক্ষত ৰূপহীহাটবাসীক ভোটদান কৰিবলৈ আহ্বান জনায় লুৰিণে । আনহাতে, ৰূপহীহাটৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ডা৹ ছফিকুল ইছলামে সমষ্টিটোৰ সমস্যাসমূহৰ দোহাই দি সমষ্টিটোৰ ৯৯ শতাংশ লোক তেওঁৰ লগত আছে বুলি মন্তব্য কৰে ।
লগতে পঢ়ক: ধুবুৰীত মহাজোঁট বন্ধনৰ বিশাল সভাত বদৰুদ্দিন আজমল