ETV Bharat / state

এজেপিৰ পতাকাক সমালোচনা কৰাসকলে ৰাষ্ট্ৰীয় পতাকাকো কৰিছে অপমানঃ জগদীশ ভূঞা

author img

By

Published : Nov 7, 2020, 9:33 PM IST

শিৱসাগৰৰ পিছত এইবাৰ নগাঁৱত নিৰ্বাচনী ৰণডংকা বজালে অসম জাতীয় পৰিষদে। গঠন হল নৱ গঠিত দলটোৰ নগাঁও জিলা আহ্বায়ক সমিতি। বিজেপি, কংগ্ৰেছ, এ আই ইউ ডি এফক কটাক্ষ। বিজেপিৰ সৈতে এ আই ইউ ডি এফৰ মিত্ৰতা আছে বুলিও বিস্ফোৰক মন্তব্য জগদীশ ভূঞাৰ। আঞ্চলিক দলটোৰ নীলা পতাকাক অপমান কৰা সকলে ৰাষ্ট্ৰীয় পতাকাক অপমান কৰিছে। এই দৰে ক’লে জগদীশ ভূঞাই ৷

ajp meeting at nagaon
এজেপি ৰ নীলা পতাকাক সমালোচনা কৰাসকলে ৰাষ্ট্ৰীয় পতাকাক অপমান কৰা বুলি কিয় কলে জগদীশ ভূঞাই !

নগাঁও,7 নৱেম্বৰঃ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ প্ৰতি লক্ষ্য ৰাখি নৱগঠিত অসম জাতীয় পৰিষদে বৃদ্ধি কৰিছে নিৰ্বাচনী তৎপৰতা । শিৱসাগৰৰ পিছত শনিবাৰে নগাঁৱত নিৰ্বাচনী ৰণডংকা বজালে আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত গঠন হোৱা অসম জাতীয় পৰিষদে।

শনিবাৰে নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত আঞ্চলিকতাবাদী নেতা দেৱ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাতেই গঠন কৰে আঞ্চলিক দলটোৰ নগাঁও জিলা আহ্বায়ক সমিতি। সভাত আঞ্চলিক দলটোৰ মুখ্য সমন্বয়ক জগদীশ ভূঞাই কংগ্ৰেছ, এ আই ইউ ডি এফ ,অগপ আৰু বিজেপিক তীব্ৰ সমালোচনা কৰে। সম্প্ৰতি নগাঁও আৰু দৰং জিলা পৰিষদ বিজেপিয়ে এ আই ইউ ডি এফৰ সহযোগত চলাই থকা বুলি উল্লেখ কৰি এ আই ইউ ডি এফ আৰু বিজেপিৰ গোপন মিতিৰালী থকা বুলি মন্তব্য কৰে জগদীশ ভূঞাই।

বৰাকত আজমলক আদৰাৰ নামত এটা বিশেষ মন্তব্য সন্দৰ্ভতো মন্তব্য কৰে জগদীশ ভূঞাই। সেই সময়ত পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া বুলি এগৰাকী দায়িত্বশীল মন্ত্ৰীয়ে চচিয়েল মিডিয়াত মন্তব্য কৰাৰ কথাও উল্লেখ কৰি দেশদ্ৰোহৰ অভিযোগত ধ্বনি দিয়াসকলক গ্ৰেপ্তাৰৰ দাবী জনায়। লগতে যদি তেনে মন্তব্য দিয়া নাছিল, তেন্তে এনে বিস্ফোৰক অভিযোগ উত্থাপন কৰা সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আজমলক প্ৰত্যাহ্বান জনায় জগদীশ ভূঞাই। লগতে আঞ্চলিক দলটোৰ নীলা পতাকাক লৈ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা সমালোচনাৰো প্ৰত্যুত্তৰ দিয়ে জগদীশ ভূঞাই। নীলা ৰং ৰাষ্ট্ৰীয় বুলি উল্লেখ কৰি নীলা ৰঙে আকাশৰ বিশালতাক প্ৰতিনিধিত্ব কৰে বুলি মন্তব্য কৰে জগদীশ ভূঞাই। ৰাষ্ট্ৰীয় পতাকাতো নীলা ৰং ব্যৱহাৰ কৰাৰ কথা উল্লেখ কৰি নীলা ৰঙক অসন্মানসূচক মন্তব্য কৰাটো ৰাষ্ট্ৰীয় পতাকাক অপমান কৰা বুলিও মন্তব্য কৰে । নীলা ৰঙক লৈ কৰা মন্তব্য ৰাষ্ট্ৰীয় পতাকাক অপমান কৰা ৰাষ্ট্ৰীয় অপৰাধ বুলিও মন্তব্য কৰিলে জগদীশ ভূঞাই ।

আঞ্চলিক দলটোৰ সভাত অংশগ্ৰহণ কৰি দলটোৰ অন্যতম সমন্বয়ক তথা বিশিষ্ট সাংবাদিক অদীপ কুমাৰ ফুকনেও কটাক্ষ কৰে শাসকীয় বিজেপিক। স্বাধীনতাৰ সংগ্ৰামৰ সময়ত ব্ৰিটিছক সহায় আৰ এছ এছ এছে জন্ম দিয়া বিজেপিয়ে লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ অধিকাৰ নাই বুলি মন্তব্য কৰে অদীপ ফুকনে। লগতে অসমত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ চেষ্টা কৰা বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰি হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক গুৰুত্ব নিদিবলৈ সকলোকে আহ্বান জনায় অদীপ ফুকনে।

লগতে পঢ়কঃ কৃষক বিৰোধী আইনৰ বিৰুদ্ধে মঙলদৈত কংগ্ৰছৰ প্ৰতিবাদঃআটক তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.