চামগুৰি,19 এপ্ৰিল: ধিঙৰ এটি দৰিদ্ৰ পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা ৷ দুবেলা দুমুঠি পেটে-ভাতে খাই থকা এটি কিশোৰ আক্ৰান্ত হৈছে মগজুৰ দুৰাৰোগ্য ৰোগত ৷ উপযুক্ত চিকিৎসাৰ অভাৱ তথা ধনৰ অভাৱত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বিচনাত চটফটাই থাকিবলগীয়া হৈছে ৷
উল্লেখ্য যে, আজিৰ পৰা প্ৰায় দুটা সপ্তাহৰ পূৰ্বে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ উপযুক্ত চিকিৎসা অবিহনে জীৱনৰ আধা বেলাতে পিতৃ প্ৰবীণ বৰাৰ মৃত্যু হয় । মৃত বৰাই এৰি থৈ যায় পত্নীসহ দুটি ল’ৰা সন্তান ৷ কিন্তু আঠ বছৰ বয়সৰ পৰাই মগজুৰ জটিল ৰোগত আক্ৰান্ত হৈ আছিল পৰিয়ালটোৰ ডাঙৰ পুত্ৰ নিপুল বৰা ৷
এফালে পিতৃৰ দেহাৱসানৰ মাত্ৰ দুটা সপ্তাহ হৈছে ৷ আনফালে মগজুৰ জটিল ৰোগত আক্ৰান্ত হৈ বিগত এসপ্তাহে জিএমচিএইচত চিকিৎসাধীন হৈ মৃত্যুৰ সৈতে যুঁজ দি আছে নিপুলে ।
অতি দৰিদ্ৰ পৰিয়ালৰ হোৱাৰ বাবেই বৰ্তমানেও দুৰ্ভগীয়া মাতৃয়ে উপযুক্ত চিকিৎসাৰ ব্যয় বহন কৰিবলৈ সক্ষম হোৱা নাই । পৰিয়ালটোৰ ঘৰ বুলিবলৈ আছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনষ্ঠ এটি অৰ্ধনিৰ্মিত ঘৰ । বৰ্তমান নিপুলৰ চিকিৎসাৰ বাবে প্ৰয়োজন হৈছে বুজন পৰিমাণৰ ধন । কিন্তু পৰিয়ালটোৰ বাবে সেয়াতো দূৰৈৰ কথা বৰ্তমান চাউল এমুঠি কিনাটোও কোনো কাৰণতে নহয় সম্ভৱ । ইফালে দুৰ্ভগীয়া মাতৃয়ে স্বামীৰ মৃত্যুৰ বেদনা বুকুত লৈ জিএমচিএইচৰ বিচনাত চকুৰ সন্মুখত ৰোগাক্ৰান্ত পুত্ৰৰ ছটফটনি শয্য কৰিবলগা হৈছে ৷
দুখত সমভাগী ওচৰ-চুবুৰীয়াই উপায়ন্তৰ হৈ সংবাদ মাধ্যমৰ জৰিয়তে নিপুলৰ হৈ ৰাইজৰ সহায়ৰ লগতে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ ওচৰত বিনম্ৰতাৰে অনুৰোধ জনাইছে ৷ যদি কোনো সদাশয় ব্যক্তিয়ে ইচ্ছা কৰে, তেন্তে কণমানি শিশুটিৰ মাতৃ ( Gitanjali Devi, SBI A/C- 34505115188) নম্বৰৰ একাউণ্টৰ জৰিয়তে সহায় আগবঢ়াব পাৰিব ৷
লগতে পঢ়ক: নগাঁৱত প্ৰাথমিক বিদ্যালয়ৰ পাঠদান বন্ধ ঘোষণা