ETV Bharat / state

সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত নগাঁৱত ছাত্ৰ সন্থাৰ প্ৰতিবাদ

author img

By

Published : Aug 29, 2020, 5:00 AM IST

মূল্যবৃদ্ধি ৰোধ কৰাৰ লগতে সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত নগাঁৱত ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট। নগাঁৱৰ সাংবাদিকক আক্ৰমণ কৰা অভিযুক্তক গ্ৰেপ্তাৰৰ দাবী ।

journalist
journalist

নগাঁও, 28 আগষ্ট : অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ লগতে সাংবাদিকক আক্ৰমণ কৰাৰ বিৰুদ্ধে নগাঁৱত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সদৌ নগাঁও জিলা ছাত্ৰ সন্থাই । নগাঁও জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ৰূপায়ন কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী । কেইদিনমান পূৰ্বে নগাঁৱৰ পানীখাইটিত সমবায় সমিতিৰ এখন সুলভ মূল্যৰ দোকানক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা নগাঁৱৰ কেইবাগৰাকী সাংবাদিক আক্ৰমণৰ বলি হৈছিল বিজেপি দলৰ একাংশ নেতা-পালিনেতাৰ ।

সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত নগাঁৱত ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ঘটনা সন্দৰ্ভত নগাঁও সদৰ আৰক্ষী থানাত দুটাকৈ গোচৰ তৰা হৈছিল যদিও কোনো এজন অভিযুক্তক আটক কৰিবলৈ সক্ষম নহ’ল আৰক্ষী । এই ঘটনাক লৈ নগাঁৱৰ সাংবাদিকসকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ পিছত এইবাৰ সাংবাদিক আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে নগাঁও জিলা ছাত্ৰ সন্থাই । দিনে নিশাই জনসাধাৰণৰ স্বাৰ্থত সেৱা আগবঢ়াই অহা সাংবাদিকক আক্ৰমণ কৰা কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠা ছাত্ৰ সন্থাৰ নেতাই অতি অভিযুক্তক শীগ্ৰে গ্ৰেপ্তাৰৰ দাবী জনাইছে । লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধি হোৱাৰ পাচতো নীৰৱ হৈ থকা যোগান বিভাগৰ বিৰুদ্ধেও ক্ষোভ প্ৰকাশ কৰে নগাঁও জিলা ছাত্ৰ সন্থাই ।

লগতে পঢ়ক : ক্ষমতাৰ লোভত মত্ত শিল্পী-নেতা: কি কয় ছাত্ৰ সমাজে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.