ETV Bharat / state

জুৰীয়াত বিদ্যুৎস্পৃষ্ট হৈ কিশোৰীৰ মৃত্যু

মঙলবাৰে জুৰীয়াৰ কেন্দুগুৰীত প্ৰাতঃভ্ৰমণ কৰাৰ সময়ত ৰাজপথত ছিগি পৰি থকা বিদ্যুৎ পৰিবাহী এডাল তাঁৰত লাগি মৃত্যু ঘটে এগৰাকী কিশোৰীৰ ৷ বিদ্যুত বিভাগৰ গাফিলতিৰ বাবে কিশোৰীগৰাকীৰ মৃত্যু ঘটাত বিভাগটোৰ বিৰুদ্ধে গৰজি উঠে স্থানীয় ৰাইজ ৷ অৱশেষত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৷

author img

By

Published : Aug 25, 2020, 2:11 PM IST

a girl died after being electrocuted in juria nagaon assam etv bharat news
বিদ্যুৎস্পৃষ্ট হৈ কিশোৰীৰ মৃত্যু

ৰূপহীহাট,25 আগষ্ট: নগাঁৱৰ ৰূপহীহাটত সংঘটিত হৈছে এক অঘটন ৷ জিলাখনৰ জুৰীয়াৰ অন্তৰ্গত কেন্দুগুৰীত বিদ্যুৎ স্পৃষ্ট হৈ কৰুণ মৃত্য়ুক সাৱটি লৈছে এগৰাকী কিশোৰীয়ে ৷ ঘটনাৰ বিৱৰণী অনুসৰি, মঙলবাৰে প্ৰাতঃভ্ৰমণ কৰাৰ সময়তে ৰাজপথত ছিগি পৰি থকা বিদ্যুৎ পৰিবাহী এডাল তাঁৰত লাগি মৃত্যু ঘটে জয়নৱ বিবি নামৰ কিশোৰীগৰাকীৰ ৷

বিদ্যুৎস্পৃষ্ট হৈ কিশোৰীৰ মৃত্যু

বিশেষকৈ বিদ্যুত বিভাগৰ গাফিলতিৰ বাবে কিশোৰীগৰাকীৰ মৃত্যু ঘটাত বিভাগটোৰ বিৰুদ্ধে গৰজি উঠে স্থানীয় ৰাইজ ৷ আওপুৰণি প্ৰায় 440 ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰডাল ছিগি থকাৰ পিছতো বিদ্যুৎ বিভাগে কোনো গুৰুত্ব আৰোপ নকৰাৰ বাবে সংঘটিত হয় এনে অঘটন ৷ কিশোৰীগৰাকীৰ মৃত্যুৰ পিছতে অঞ্চলবাসীয়ে পথ অৱৰোধ কৰি উক্ত ঘটনাৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ অৱশেষত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি উক্ত বিদ্যুৎত পৰিবাহী তাঁৰডাল প্ৰায় 30 বছৰ পুৰণি হোৱা বাবে প্ৰায়ে এনেদৰে ছিগি পথৰ সমীপত পৰি থাকে ৷ বিষয় সন্দৰ্ভত স্থানীয় ৰাইজে বিদ্যুৎ বিভাগক কেইবাবাৰো অৱগত কৰি আহিছিল যদিও ৰাইজৰ এই অভিযোগৰ প্ৰতি কাণসাৰ নিদিয়ে বিভাগে ৷

লগতে চাওকঃ ওদালগুৰিত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.