ETV Bharat / state

কলিয়াবৰ সমষ্টিৰ এখন 20 বছৰ পুৰণি দলং

author img

By

Published : Jan 25, 2021, 2:17 PM IST

উন্নয়নৰ মুখ নেদেখা কলিয়াবৰ সমষ্টিৰ এখন 20 বছৰ পুৰণি দলং ৷ মাত্ৰ 4 ফুট বহল দলঙখনেৰে যাতায়ত কৰি আহিছে দুখন গাঁৱৰ প্ৰায় দুই সহস্ৰাধিক লোকে ৷ ঠেক দলংখনৰ বাবে অঞ্চলটোলৈ আহিব নোৱাৰে জৰুৰীকালীন সেৱাৰ কোনো বাহন ৷

কলিয়াবৰ সমষ্টিৰ এখন 20 বছৰ পুৰণি দলং
কলিয়াবৰ সমষ্টিৰ এখন 20 বছৰ পুৰণি দলং

কলিয়াবৰ, 25 জানুৱাৰী: নগাঁও জিলাৰ কলিয়াবৰ সমষ্টিৰ এখন 20 বছৰ পুৰনি দলং ৷ কলিয়াবৰৰ জাৱনী গাঁৱৰ পৰা গাখীৰখাটী গাঁও সংযোগী পথৰ কলং নৈৰ ওপৰত থকা এই দলং খনৰ বাবে যমৰ যাতনা ভুগি আহিছে স্থানীয় লোকসকলে ৷ বিগত 20 বছৰে মাত্ৰ 4 ফুট বহল দলঙখনেৰে যাতায়ত কৰিছে গাঁও দুখনৰ প্ৰায় দুই সহস্ৰাধিক লোকে ৷ উন্নয়নৰ মুখ নেদেখা অঞ্চলটোত দলংখনৰ বাবে আহিব নোৱাৰে এম্বুলেঞ্চ ৷ যাৰ বাবে ঠেলা গাড়ীৰে চিকিৎসালয়লৈ নিবলগীয়া হয় ৰোগী ৷ অকল এয়াই নহয় দলং খনৰ বাবে অঞ্চলটোলৈ আহিব নোৱাৰে জৰুৰীকালীন সেৱাৰ কোনো বাহন ৷

কলিয়াবৰ সমষ্টিৰ এখন 20 বছৰ পুৰণি দলং

কলিয়াবৰৰ উন্নত যাতায়ত ব‍্যৱস্থাৰ মাজতে কলংক ৰূপে ঠিয় দিছে এই দলং খনে ৷ কৃষি প্ৰধান অঞ্চলটোত উৎপাদিত সামগ্ৰী বজাৰলৈ কঢ়িয়াই নিয়াৰ ক্ষেত্ৰতো বহু অসুবিধাৰ সন্মুখীন হৈ আহিছে কৃষকসকলে। বিগত ২০ বছৰে গাঁও দুখনৰ ৰাইজে চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধিক বাৰম্বাৰ আবেদন-নিবেদন কৰিছে যদিও আজি পৰ্য‍ন্ত নাপালে কোনো সঁহাৰি ৷ কলিয়াবৰ বিধানসভা সমষ্টিত তদানীন্তন উদ‍্যোগ আৰু বাণিজ‍্য মন্ত্ৰী তথা স্থানীয় বিধায়ক গুণীন হাজৰিকাৰ পৃষ্ঠপোষকতাত কলং সুঁতি আৰু আন ঠাইত বহুকেইখন ঠেক দলং নিৰ্মাণ কৰা হৈছিল । কিন্তু তাৰে ভালেকেইখন পুনৰ নিৰ্মাণ হৈছে যদিও এই দলংখনহে চৰকাৰৰ সু-দৃষ্টিৰ পৰা বঞ্চিত হৈ ৰৈছে ।

লগতে পঢ়ক: ভাৰতীয় জনতা পাৰ্টী এটা মিছলীয়া পাৰ্টী:বিকাশ উপাধ্যায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.