ETV Bharat / state

তিনিবছৰেও সম্পূৰ্ণ হোৱা নাই অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া

author img

By

Published : Jun 8, 2021, 3:00 PM IST

তিনিবছৰ সম্পূৰ্ণ হ'ল দেশ কপোৱা অভি-নীল হত্যাকাণ্ডৰ । কিন্তু তিনিবছৰেও সম্পূৰ্ণ নহ'ল এই হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া । বিচাৰ প্ৰক্ৰিয়াত দেখা দিছে নেকি কোনো জটিলতাই ? নগাঁও আদালতত দ্ৰুতগতিত বিচাৰপ্ৰক্ৰিয়া চলাৰ পিছতো কিয় হ’ল বিলম্ব ?

3 years of Abhi nil murder
তিনিবছৰেও সম্পূৰ্ণ হোৱা নাই অভি নীল হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া

নগাঁও, 8 জুন : আজি আমি ক'ব খুজিছো সমগ্ৰ দেশ কঁপাই যোৱা নৃশংস ডকমকা কাণ্ডৰ কথা । প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ সেউজীয়া কাৰ্বি ভূমিৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ গৈ একাংশ নৰপিশাচৰ হাতত প্ৰাণ দিবলগীয়া হৈছিল গুৱাহাটীৰ দুই প্ৰতিভাৱান যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথে ।

২০১৮ চনৰ আজিৰ দিনটোতেই সংঘটিত হৈছিল সকলোৰে মন, মগজু জোকাৰি যোৱা সেই নাৰকীয় ঘটনাটো । কাৰ্বি আংলঙৰ মনোৰম দৃশ্য উপভোগ কৰি উভতি অহাৰ পথত ডকমকাত মানৱৰূপী একাংশ দানৱে অতি বৰ্বৰভাৱে মৰিয়াই মৰিয়াই হত্যা কৰিছিল নিলোৎপল দাস আৰু অভিজিৎ নাথক । নিলোৎপল, অভিজিতৰ সেই মৰণকাতৰ চিঞৰে আজিও কঁপাই তোলে প্ৰতিজন অসমীয়াৰ হৃদয় ।

এই ঘটনা সংঘটিত হোৱাৰ পিছতেই কেৱল অসমতেই নহয়, এই নাৰকীয় ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হৈছিল সাত সাগৰ তেৰ নদীৰ সিপাৰৰ ৰাছিয়াতো । বিশ্ববাসীৰ ওচৰত যেন অসমক লজ্জানত কৰিছিল কাৰ্বি আংলঙৰ সেই ঘটনাই । ঘটনা সংঘটিত হোৱাৰ পাচতে কাৰ্বি আংলং আৰক্ষীয়েও তৎপৰতাৰে ৪৭ জনকৈ অভিযুক্তক আটক কৰি অতি কম সময়ৰ ভিতৰতেই আদালতত দাখিল কৰিবলৈ সক্ষম হৈছিল অভিযোগনামা ।

নিলোৎপল, অভিজিতৰ পৰিয়ালৰ লোকৰ এক আবেদনৰ ভিত্তিত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল ডিফু আদালতৰ বিপৰীতে নগাঁও আদালতত । নগাঁও জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতত অতি ক্ষিপ্ৰতাৰেই বিচাৰপ্ৰক্ৰিয়া চলি আছিল যদিও ক'ভিড সৃষ্ট পৰিৱেশ, ন্যায়াধীশৰ বদলি আদি বিভিন্ন কাৰণত বিচাৰ প্ৰক্ৰিয়া কিছু লেহেমীয়া হোৱাৰো অভিযোগ নীল-অভিৰ পৰিয়ালৰ লোকৰ ।

আনহাতে, নগাঁও আদালতত ইতিমধ্যে গোচৰটোৰ ৫৫ গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে । ইয়াৰ মাজতে দুই এক সাক্ষীয়ে ভাষ্য সলনি কৰাত কিছু হতাশ হৈ পৰিছিল দুয়োটা পৰিয়াল । অৱশ্যে ক'ভিড সৃষ্ট জটিল পৰিৱেশ কিছু নিয়ন্ত্ৰণলৈ আহিলে গোচৰটোৰ পুনৰ শুনানি গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ’ব ।

অৱশ্যে এই পৰ্য্যন্ত ন্যায় ব্যৱস্থাৰ প্ৰতি সম্পূৰ্ণ আস্থা প্ৰকাশ কৰি দোষীক দৃষ্টান্তমূলক শাস্তি কামনা কৰিছে অভিজিৎ নিলোৎপলৰ পৰিয়ালৰ লোকে । এতিয়া প্ৰশ্ন হয়, অতি বৰ্বৰতাৰে দুজনকৈ চফল ডেকাক হত্যা কৰা পাষণ্ডৰ শাস্তি হ'ব কেতিয়া ? সকলোৱে বিচৰামতেই দোষীয়ে পাব নে দৃষ্টান্তমূলক শাস্তি ?

লগতে পঢ়কঃ কৃষি বিভাগৰ কাম-কাজৰ পৰ্যালোচনা মুখ্যমন্ত্রীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.