ETV Bharat / state

নগাঁৱৰ বামুণী পাহাৰত ২০ টাকৈ হাতীৰ কৰুণ মৃত্যু - বজ্ৰপাত

২০ টাকৈ হাতীৰ মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে যদিও এই পৰ্যন্ত মৃত্যু হোৱা হাতীৰ সংখ্যা প্ৰকৃততে কিমান সেয়া এতিয়াও নিশ্চিত হ’ব পৰা নাই । আনহাতে স্থানীয় বিধায়ক জিতু গোস্বামীৰ মতে, মঙলবাৰে নিশা হোৱা বৰষুণৰ সময়তেই বজ্ৰপাত পৰাৰ ফলত প্ৰায় ২২ টাকৈ হাতীৰ মৃত্যু হৈছে ।

নগাঁৱৰ বামুণী পাহাৰত ২০ টাকৈ হাতীৰ কৰুণ মৃত্যু

author img

By

Published : May 13, 2021, 8:27 PM IST

নগাঁও/চামগুৰি,13 মে’: বৃহস্পতিবাৰে বিয়লি নগাঁৱৰ বামুণী পাহাৰত কেবাটাও হাতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সম্প্ৰতি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত । ইপিনে ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় বন বিভাগৰ বিষয়া কৰ্মীৰ লগতে বঢ়মপুৰ সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক জিতু গোস্বামী ।

নগাঁৱৰ বামুণী পাহাৰত ২০ টাকৈ হাতীৰ কৰুণ মৃত্যু

উল্লেখযোগ্য যে, ২০ টাকৈ হাতীৰ মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে যদিও এই পৰ্যন্ত মৃত্যু হোৱা হাতীৰ সংখ্যা প্ৰকৃততে কিমান সেয়া এতিয়াও নিশ্চিত হ’ব পৰা নাই । আনহাতে স্থানীয় বিধায়ক জিতু গোস্বামীৰ মতে, মঙলবাৰে নিশা হোৱা বৰষুণৰ সময়তেই বজ্ৰপাত পৰাৰ ফলত প্ৰায় ২২ টাকৈ হাতীৰ মৃত্যু হৈছে । সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক স্থানীয় বিধায়ক জিতু গোস্বামীয়ে নিৰ্দেশ প্ৰদান কৰিছে ।

মন কৰিবলগীয়া যে, এনেদৰে একেলগে বহুকেইটা হাতীৰ মৃত্যু হোৱাৰ ঘটনাক সহজভাৱে ল’ব পৰা নাই স্থানীয় লোকৰ লগতে প্ৰকৃতিপ্ৰেমী সকলে । সম্প্ৰতি সমগ্ৰ ঘটনাৰ সৰ্ন্দভত চিবিআইj দ্বাৰা তদন্ত কৰাৰ দাবী জনাইছে প্ৰকৃতিপ্ৰেমী সকলে ৷

লগতে পঢ়কঃ কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.