নগাঁও, 14 নৱেম্বৰ: আইপিএলৰ পাছতে কালী পূজা উপলক্ষে নগাঁৱত বৃহৎ জুৱাৰ আড্ডাই গঢ় লৈ উঠাৰ অভিযোগ উত্থাপিত হৈছিল ৷ ইয়াৰ পিচতেই এক অভিযান চলাই নগাঁও হয়বৰগাঁও আৰক্ষীয়ে এক বৃহৎ জুৱাৰ ঘাটি উচ্চেদ কৰিবলৈ সক্ষম হয় ৷ জুৱাৰ ঘাটি উচ্ছেদ কৰাৰ লগতে এই অবৈধ জুৱাৰ আড্ডাত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে জুৱাৰ ঘাটিৰ পৰাই 13 জনকৈ লোকক আটক কৰে ৷

লোক কেইগৰাকীক আটক কৰাৰ উপৰিও আৰক্ষীয়ে নগদ ধনো জব্দ কৰে ৷ শুকুৰবাৰে নিশা নগাঁও চহৰৰ লাওখোৱা ৰোডত আৰক্ষীয়ে এই অভিযান চলাই ৷ হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আবেদুৰ ৰহমানৰ নেতৃত্বত অভিযান চলাই আৰক্ষীয়ে জুৱাৰ ঘাটিতো উচ্ছেদ কৰিবলৈ সক্ষম হয় ৷
লগতে পঢ়ক:মৰিগাঁৱত চৰকাৰী নিৰ্দেশনাক অংগুষ্ঠঃ আতচবাজীৰ মুকলি বেহা