মৰিগাঁও,25 নৱেম্বৰ : মৰিগাঁৱত মঙলবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত শোক প্ৰকাশ কৰে অসম জাতীয় পৰিষদে ৷
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় আহবায়ক জিতেন ডেকাই কয় যে,‘‘তেওঁক হেৰুৱাই আমি সকলোৱে শোকত ভাগি পৰিছো । তেওঁ কেৱল অসমৰ ৰাজনৈতিক জগতখনৰ পৰাই নহয়, সামাজিক ক্ষেত্ৰখনৰ পৰাও বিদায় মাগিলে । এয়া অসম আৰু অসমীয়াৰ বাবে পূৰাব নোৱাৰা ক্ষতি’’ ।
লগতে পঢ়ক : বকোত পথ দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী