মৰিগাঁও, 4 মে': দেওবাৰে ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাচতে মৰিগাঁও কংগ্ৰেছত ব্যাপক খহনীয়া ৷ দীৰ্ঘদিনে জাতীয় কংগ্ৰেছৰ হৈ কাম কৰি অহা তিনি গৰাকী নেতাই সোমবাৰে নিশা কংগ্ৰেছ ত্যাগ কৰি যোগদান কৰিলে অসম গণ পৰিষদত ৷ কংগ্ৰেছ নেতৃত্বধীন মহাজোঁটৰ প্ৰাৰ্থী গৰাকী পৰাস্ত হোৱাৰ পাচতে ক্ষোভিত হৈ পৰিছে দলীয় কৰ্মীসকল ৷ কাৰণ দীৰ্ঘদিনৰ পৰা সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ দাবী উত্থাপন কৰিছিল যদিও দলীয় কৰ্মীৰ দাবীক উপেক্ষা কৰিছিল শীৰ্ষ নেতাই ৷
সোমবাৰে নিশা মৰিগাঁও জিলাৰ অসম গণ পৰিষদৰ সভাপতি শান্তনু কুমাৰ শৰ্মাৰ নেতৃত্ব অনুষ্ঠিত হোৱা যোগদান সভাত মৰিগাঁও টাউন ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল কুমাৰ ডেকা, অমল কুমাৰ দাস আৰু ৰমেন বৰদলৈয়ে যোগদান কৰে অসম গণ পৰিষদত ৷ সভাপতি শান্তনু কুমাৰ শৰ্মাই তিনিও গৰাকী নেতাকে ফুলাম গামোচাৰে দললৈ উষ্ম আদৰণি জনায় ৷
লগতে পঢ়ক: কোন হ'ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ?