মৰিগাঁও,৬ ফেব্ৰুৱাৰী: সুদীৰ্ঘ ২৮ বছৰৰ মূৰত এটা পৰিয়ালৰ মাজলৈ নামি আহিছে আশাৰ ৰেঙণি । শিক্ষকতা জীৱনৰ প্ৰায় ২৮ টা বসন্ত বিনা বেতনেৰে সেৱা আগবঢ়োৱাৰ পিছত অৱশেষত এমোকোৰা হাঁহি বিৰিঙি উঠে মৰিগাঁৱৰ এগৰাকী শিক্ষকৰ । মৰিগাঁৱৰ বৰচোকাবাহা মজলীয়া বিদ্যালয়ৰ শিক্ষক অতুল নাথে বিনা বেতনেৰে শিক্ষাদান কৰি অহাৰ পিছত শুকুৰবাৰে এই সু-খবৰ লাভ কৰে । উক্ত বিদ্যালয়খন প্ৰাদেশিকীকৰণ কৰাৰ লগতে নাথৰ পুত্ৰ প্ৰাঞ্জল নাথে হাইস্কুলৰ শিক্ষকৰূপে নিযুক্তি লাভ কৰাত পৰিয়ালটোলৈ নামে সুখৰ বন্যা ৷

উল্লেখ্য যে,শুকুৰবাৰে সৰুসজাই ষ্টেডিয়ামত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ সৰ্ববৃহৎ নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত হৈ যায়। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰাজ্যৰ ২৯,৭০১ গৰাকী শিক্ষকক নিযুক্তি প্ৰদান কৰা হয় ।
লগতে পঢ়ক: প্ৰধানমন্ত্ৰীৰ সভা বৰ্জন কৰিবলৈ চাহ শ্ৰমিকক আহ্বান আটছাৰ