মৰিগাঁও, 18 জুনঃ সোমবাৰে মৰিগাঁৱৰ পবিতৰাহাটত অনুষ্ঠিত হয় গ্ৰাম্য ভূমি ব্যৱহাৰৰ পৰিকল্পনা আৰু গ্ৰাম্য দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনা শীৰ্ষক এদিনীয়া কৰ্মশালা ৷ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সৌজন্যত এই কৰ্মশালাখন অনুষ্ঠিত কৰা হয় ৷
আৰু পঢ়কঃ ৰাজ্যৰ প্ৰথমটো কৃষি সংগ্ৰহালয় স্থাপন অসম কৃষি বিশ্ববিদ্য়ালয়ত
উক্ত কৰ্মশালাত জিলাখনৰ গাঁওবুঢ়া, লাটমণ্ডল আৰু ভি এল এম চি চি সদস্যৰ লগতে অতিৰিক্ত উপায়ুক্ত লক্ষীনন্দন চহৰীয়া, ভুৰাগাঁও ৰাজহচক্ৰ বিষয়াকে ধৰি দুৰ্যোগ ব্যৱস্থাপনা পৰিষদৰ কেইবাগৰাকীও বিষয়া উপস্থিত থাকে ৷