ETV Bharat / state

ধিং শংকৰদেৱ বিদ্যা নিকেতনত ৰূপালী জয়ন্তী বৰ্ষ উদযাপন - Silver jublee celebration at Dhing sankardev vidya niketon

নগাঁও জিলাৰ ধিং স্থিত ধিং শংকৰদেৱ বিদ্যা নিকেতনত আৰম্ভ হৈছে গৌৰৱোজ্জল ৰূপালী জয়ন্তী বৰ্ষৰ অনুষ্ঠান ৷ বিদ্যালয়খনত শনিবাৰৰে পৰা উলহ-মালহেৰে উদযাপন কৰা হৈছে ৰূপালী জয়ন্তী বৰ্ষৰ বাৰেৰহনীয়া কাৰ্যসূচী ৷

silver-jublee-celebration-at-dhing-sankardev-vidya-niketon
ধিং শংকৰদেৱ বিদ্যা নিকেতনত ৰূপালী জয়ন্তী বৰ্ষ উদযাপন
author img

By

Published : Jan 30, 2021, 3:43 PM IST

মৰিগাঁও,30 জানুৱাৰী: গৌৰৱোজ্জল ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলে ধিং শংকৰদেৱ বিদ্যা নিকেতনে ৷ 1997 চনতে প্ৰতিষ্ঠা লাভ কৰা ধিং শংকৰদেৱ বিদ্যা নিকেতনে 24 বছৰ অতিক্ৰমী এইবৰ্ষত ভৰি দিলে গৌৰৱোজ্বল ৰূপালী জয়ন্তী বৰ্ষত ৷ সেই উপলক্ষে বিদ্যালয়খনত শনিবাৰৰে পৰা উলহ-মালহেৰে উদযাপন কৰা হৈছে ৰূপালী জয়ন্তী বৰ্ষৰ বাৰেৰহনীয়া কাৰ্যসূচী ৷

silver-jublee-celebration-at-dhing-sankardev-vidya-niketon
ধিং শংকৰদেৱ বিদ্যা নিকেতনত ৰূপালী জয়ন্তী বৰ্ষ উদযাপন

শনিবাৰে পুৱাই পতকা উত্তোলনেৰে শুভাৰম্ভ কৰা হয় গৌৰৱোজ্জল ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী ৷ পতাকা উত্তোলনৰ পাছতেই নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা হয় গীত-মাতকে ধৰি বিভিন্ন আৰ্কষণীয় অনুষ্ঠান ৷ তাৰ পাছতেই ধিঙৰ ৰাজপথত উলিওৱা হয় এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা ৷ সাংস্কৃতিক শুভাযাত্ৰাৰ শুভ উদ্বোধন কৰে ধিঙৰ বিশিষ্ট শিক্ষাবিদ তুলসীৰাম নাথে ৷

লগতে পঢ়কঃ গো-মাফিয়া আদম আলীক ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.