মৰিগাঁও, 8 নৱেম্বৰ: প্ৰায় দুই বছৰ পূৰ্বে বিধ্বংসী ধুমুহাই তচনচ কৰি যোৱাৰ পাচতো মেৰামতি নোহোৱাত প্ৰায় অস্তিত্ব বিপন্ন হোৱাৰ দিশে মৰিগাঁও-নগাঁও সীমান্তৱৰ্তী চোলাপাৰ নভঙা প্ৰাথমিক বিদ্যালয়ৰ ৷ বিদ্যালয়খনৰ শ্ৰেণীকোঠা সমূহ নিৰ্মাণ নোহোৱাত সমস্যাত পৰিছে অঞ্চলটোৰ শাতাধিক ছাত্ৰ ছাত্ৰী তথা শিক্ষক ৷

অভিযোগ অনুসৰি শ্ৰেণীকোঠাৰ অভাৱত প্ৰায় দুই বছৰ ধৰি বিদ্যালয় খনত পাঁচটা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক একেলগে পাঠদান কৰি অহা হৈছে ৷ জানিব পৰা মতে 2019 চনৰ মাৰ্চ মাহতে অহা এজাক বিধ্বংসী ধুমুহাই মৰিগাঁৱৰ জিলা প্ৰাথমিক শিক্ষা বিভাগৰ অধীনৰ এই চোলাপাৰ নভঙা প্ৰাথমিক বিদ্যালয়ৰ টিনপাত উৰুৱাই নিয়াৰ পাচত আজি পৰ্যন্ত বিদ্যালয়খনৰ মেৰামতিৰ বাবে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই ৷

কপিলী খণ্ড প্ৰাথমিক শিক্ষা বিভাগৰ অন্তৰ্গত এই বিদ্যালয়খন উন্নয়নৰ বাবে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতে বিগত দুবছৰ ধৰি এটা সৰু কোঠাতে অৰ্ধ শতাধিক ছাত্ৰ ছাত্ৰীক পাঠদান কৰিব লগা হোৱাত পাঠগ্ৰহণ প্ৰহসনত পৰিণত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷
লগতে পঢ়ক: নিযুক্তি কেলেঙকাৰী সন্দৰ্ভত গুৱাহাটীত জাতীয় যুৱ শক্তিৰ প্ৰতিবাদ