ETV Bharat / state

CAAৰ বাবে বৰ্ষৰ অন্তিমটো দিনক ক'লা দিন ঘোষণা বাসৱ কলিতাৰ

author img

By

Published : Dec 30, 2019, 11:19 AM IST

মৰিগাঁৱত অসম ৰাজ্যিক কৰ্মচাৰীৰ পৰিষদৰ "কা" বিৰোধী কাৰ্যসূচী গ্ৰহণ । ২০১৯ বৰ্ষত কা নামৰ ক'লা আইনখন অসমৰ ওপৰত জাপি দিয়াৰ বাবে ২০১৯ বৰ্ষৰ অন্তিমটো দিন ক'লা দিৱস হিচাপে ৰূপায়ণ কৰিব ৷ চৰকাৰে কৰ্মচাৰীক নিয়ন্ত্ৰণ কৰিছে কিন্তু চৰকাৰী দালাল কেইটাক কেনেকৈ নিয়ন্ত্ৰণ কৰিব ? বিত্তমন্ত্ৰীৰ কথা শিলৰ ৰেখা কিন্তু কামত নাহে ! অসম চুক্তি আখৰে আখৰে ৰূপায়ণ হোৱা বিচাৰো ৷ দেওবাৰে মৰিগাঁৱত এই মন্তব্য বাসভৱন কলিতাৰ।

বাসব কলিতাৰ CAA বিৰোধী প্ৰতিৰোধ
বাসব কলিতাৰ CAA বিৰোধী প্ৰতিৰোধ

মৰিগাঁও, 30 ডিচেম্বৰ: দেওবাৰে মৰিগাঁৱত অনুষ্ঠিত কৰ্মচাৰী পৰিষদৰ অধিবেশনৰ মুকলি সভাত চৰকাৰ আৰু বিত্তমন্ত্ৰীৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি বাসৱ কলিতাৰ। উল্লেখ্য যে, এজাৰবাৰী আঞ্চলিক কৰ্মচাৰী পৰিষদৰ উদ্যোগত অনুষ্ঠিত হোৱা মৰিগাঁও জিলা কৰ্মচাৰী পৰিষদৰ ২৮ সংখ্যক বাৰ্ষিক সাধাৰণ সভা আৰু মুকলি অধিবেশনৰ সামৰণি অনুষ্ঠানত "বিত্তমন্ত্ৰীৰ কথা শিলৰ ৰেখা কিন্তু কামত নাহে" বুুলি সাংবাদিকৰ আগত মন্তব্য কৰে সভাপতিগৰাকীয়ে ৷

বাসব কলিতাৰ CAA বিৰোধী প্ৰতিৰোধ

দেওবাৰে আবেলি ১ বজাত জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি গোবিন্দ্ৰ চন্দ্ৰ বৰদলৈৰ সভাপতিত্বত এখন মুকলি সভা অনুষ্ঠিত হয়। সভাত মুখ্য অতিথিৰূপে উপস্থিত থকা পৰিষদৰ সভাপতি বাসৱ কলিতাই কয় যে অসম চুক্তিক নস্যাৎ কৰি চৰকাৰে CAAক জাপি দিয়াটোৰ আমি সম্পূৰ্ণ বিৰুদ্ধাচৰণ কৰো ৷ ইয়াৰোপৰি আইন প্ৰত্যাহাৰ নকৰালৈ কৰ্মচাৰী পৰিষদে আন্দোলন অব্যাহত ৰাখিব বুলিও জানিলৈ দিয়ে সভাপতিগৰাকীয়ে ৷

" আমি নীতিৰ মাজত থাকি জনসাধাৰণৰ লগত কাম কৰি যাম ৷ তাৰ পাচত যদি আমাৰ ওপৰত দমন চলে তেন্তে কৰ্মচাৰী সমাজে মূৰ পাতি ল'ম বুলিও সভাত মন্তব্য কৰে বাসব কলিতাই ৷ ইয়াৰোপৰি কৰ্মচাৰী পৰিষদে ৩১ ডিচেম্বৰটো ক'লা দিৱস হিচাপে পালন কৰিব বুলিও জনায়।সভাত নিৰ্দিষ্ট বক্তাৰূপে কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান ফকৰুদ্দিন আহমেদ,সন্মানীয় অতিথিৰূপে মৰিগাঁও জিলাৰ প্ৰাথমিক শিক্ষা বিষয়া কমলজ্যোতি গগৈৰ লগতে কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

লগতে পঢ়ক: নৱবৰ্ষৰ প্ৰাক মূহুৰ্তত মূলসুতিলৈ উগ্ৰপন্থীৰ বৃহৎ দল

আনহাতে দেওবাৰে মৰিগাঁও জিলা কৰ্মচাৰী ভৱনত জিলা কৰ্মচাৰী পৰিষদৰ চলিত বৰ্ষৰ অন্তিমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। উল্লেখ্য যে আগন্তুক দুবছৰীয়া কাৰ্যকালৰ বাবে জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি পদৰ বাবে ভোট প্ৰদানৰ জৰিয়তে নিৰ্বাচিত হয় প্ৰফুল্ল হাজৰিকা। ইয়াৰোপৰি সম্পাদকৰ পদত পুনৰ বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয় পূৰ্বৰ সম্পাদক খগেন মহন্ত। উপ - সভাপতি ক্ৰমে ৰমানন্দ হাজৰিকা,হেমেন কাকতি আৰু আজগৰ আলী,সহকাৰী সম্পাদক হিচাপে ক্ৰমে জীতেন শইকীয়া,অনিল নাথ,তফৰ্জুল হুছেইন আৰু শিৱ কাকতিক লৈ মুঠতে ৫১ জনীয়া সদস্যৰে জিলা সমিতিখন গঠন হয়।

Intro:মৰিগাঁৱত অসম ৰাজ্যিক কৰ্মচাৰীৰ পৰিষদৰ "কা" বিৰোধী কাৰ্যসূচী গ্ৰহণ ।২০১৯ বৰ্ষত কা নামৰ কলা আইনখন অসমৰ ওপৰত জাপি দিয়াৰ বাবে ২০১৯ বৰ্ষৰ অন্তিমটো দিন কলা দিবস ৰূপে সমগ্ৰ ৰাজ্যৰ কৰ্মচাৰীয়ে ৰূপায়ণ কৰিব কলা দিবস- দেওবাৰে এই ঘোষণা বাসব কলিতাৰ।Body:চৰকাৰে কৰ্মচাৰীক নিয়ন্ত্ৰণ কৰিছে কিন্তু চৰকাৰী দালাল কেইটাক কেনেকৈ নিয়ন্ত্ৰণ কৰিব ? বিত্তমন্ত্ৰীৰ কথা শিলৰ ৰেখা কিন্তু কামত নাহে !
অসম চুক্তি আখৰে আখৰে ৰূপায়ণ হোৱা বিচাৰো৷দেওবাৰে মৰিগাঁৱত এই মন্তব্য বাসভৱন কলিতাৰ। মৰিগাঁও জিলা কৰ্মচাৰীৰ পৰিষদৰ অধিবেশনৰ মুকলি সভাত চৰকাৰ আৰু বিত্তমন্ত্ৰীৰ বিৰুদ্ধে বিষোদগাৰ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি বাসব কলিতাৰ।উল্লেখ্য যে এজাৰবাৰী আঞ্চলিক কৰ্মচাৰী পৰিষদৰ উদ্যোগত কালিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হোৱা মৰিগাঁও জিলা কৰ্মচাৰী পৰিষদৰ ২৮ সংখ্যক বাৰ্ষিক সাধাৰণ সভা আৰু মুকলি অধিবেশন আজি সামৰণি পৰে।এজাৰবাৰী মাধ্যমিক বিদ্যালয়ত সামৰণি পৰা সাধাৰণ সভা আৰু মুকলি অধিবেশনৰ উপলক্ষে আজি আবেলি ১ বজাত জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি গোবিন্দ্ৰ চন্দ্ৰ বৰদলৈৰ সভাপতিত্বত এখন মুকলি সভা অনুষ্ঠিত হয়।সভাত মুখ্য অতিথি ৰূপে উপস্থিত থকা পৰিষদৰ সভাপতি বাসব কলিতাই কয় অসম চুক্তিক নস্যাৎ কৰি কা' কেন্দ্ৰী চৰকাৰে জাপি দিয়া আমি সম্পূৰ্ণ বিৰুদ্ধাচৰণ কৰিছো৷ যেতিয়ালৈকে এই আইন প্ৰত্যাহাৰ নকৰিব কৰ্মচাৰী পৰিষদে আন্দোলন অব্যাহত ৰাখিম৷
সংগ্ৰাম কৰিবলৈ গলে চৰকাৰে বাধা দিব৷ অসম আন্দোলনৰ সময়তো কৰ্মচাৰী শ্বহীদ হৈছিল আৰু দমন কৰিছিল,নিলম্বন কৰিছিল এইটো স্বাভাৱিক৷এতিয়াও কৰিছে৷ কৰ্মচাৰী সকল অসমৰ জনসাধাৰণৰ লগত আছে গতিকে দমন কৰিলে পিছহুহুকি নাহে৷
আমি কৰ্মচাৰী নীতি মাজত থাকি জনসাধাৰণৰ লগত কাম কৰি যাম৷ তাৰ পাছত যদি আমাৰ ওপৰত দমন চলে কৰ্মচাৰী সমাজে মূৰপাতি লম৷আনহাতে কৰ্মচাৰী পৰিষদে অহা ৩১ ডিচেম্বৰত কলা দিৱস পালন কৰিব বুলিও সভাপতি গৰাকীয়ে চৰকাৰক সকীয়াই দিয়।সভাত নিৰ্দিষ্ট বক্তাৰূপে কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান ফকৰুদ্দিন আহমেদ, সন্মানীয় অতিথিৰূপে মৰিগাঁও জিলাৰ প্ৰাথমিক শিক্ষা বিষয়া কমলজ্যোতি গগৈ,মৰিগাঁও জিলা ছাত্র সন্থাৰ সভাপতি হিমাংশু মহন্তকে ধৰি কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।উল্লখ্য যে মুকলি সভাৰ পূৰ্বে আজি পুৱা ৯ বজাত পতাকা উত্তোলন কৰে সভাপতি গোবিন্দ্ৰ চন্দ্ৰ বৰদলৈয়ে।ইয়াৰ পাছতে শ্বহীদ তৰ্পণ আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচী আৰু ১০ বজাত প্ৰতিনিধি সভাখন অনুষ্ঠিত হয়।ইফালে কালি দুপৰীয়া ১২ বজাত মৰিগাঁও জিলা কৰ্মচাৰী ভৱনত জিলা কৰ্মচাৰী পৰিষদৰ বৰ্তমান বৰ্ষৰ অন্তিম খন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।উল্লেখ্য যে আগন্তুক দুবছৰীয়া কাৰ্যকালৰ বাবে জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি পদৰ বাবে ভোট প্ৰদানৰ জৰিয়তে নিৰ্বাচিত হৈছে প্ৰফুল্ল হাজৰিকা।তেওঁৰ নিকটতম প্ৰতিদ্বন্দী আছিল লক্ষেশ্বৰ বৰদলৈ।প্ৰফুল্ল বৰদলৈয়ে ১৪১ টা ভোট লাভ কৰাৰ বিপৰীতে লক্ষেশ্বৰ বৰদলৈয়ে লাভ কৰে ৭৯ টা ভোট।ইফালে সম্পাদকৰ পদত পুনৰ বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয় পূৰ্বৰ সম্পাদক খগেন মহন্ত।উপ - সভাপতি ক্ৰমে ৰমানন্দ হাজৰিকা, হেমেন কাকতি আৰু আজগৰ আলী,সহকাৰী সম্পাদক হিচাপে ক্ৰমে জীতেন শইকীয়া, অনিল নাথ,তফৰ্জুল হুছেইন আৰু শিৱ কাকতিক লৈ মুঠতে ৫১ জনীয়া সদস্যৰে জিলা সমিতিখন গঠন হয়।bytes:Basab kalitaConclusion:Ratuldeka etv Bharat morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.