ধিং,11 ফেব্ৰুৱাৰীঃ বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত মৰিগাঁৱত ৷ মৰিগাঁৱৰ মৈৰাবাৰীত এ আই ইউ ডি এফৰ দ্বাৰা চৰকাৰৰ বিভাজনমূলক নীতিৰ বিৰুদ্ধে সাব্যস্ত প্ৰতিবাদ ৷ চৰকাৰে একাংশ মুছলমান সম্প্ৰদায়ৰ জনগোষ্ঠীৰ প্ৰতিনিধিৰ সৈতে দিছপুৰত মিলিত হোৱাক কেন্দ্ৰ কৰি সাব্যস্ত এই প্ৰতিবাদ । মুছলমানসকলৰ মাজত বিভাজনৰ ৰাজনীতিৰে চৰকাৰে গ্ৰহণ কৰা এই কাৰ্যক ধিক্কাৰ দিছে এ আই ইউ ডি এফে ।
এই সম্পৰ্কত সোমবাৰে মৈৰাবাৰীত ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ নেতৃত্বত প্ৰতিবাদত অংশ লয় কেইবা শতাধিক লোকে ৷ চৰকাৰৰ এই কাৰ্যক ধিক্কাৰ দি বিধায়কগৰাকীয়ে ক্ষুৰধাৰ সমালোচনা কৰে চৰকাৰক ৷ লগতে খিলঞ্জীয়াৰ সংজ্ঞা প্ৰদান কৰে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে ৷
লগতে চাওকঃতিনিচুকীয়াত ভেঁকোভাওনাত পৰিণত অটল অমৃত অভিযান আঁচনি