মৰিগাঁও,1 জানুৱাৰী: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও জিলাৰ ১৩৮০ খন প্ৰাথমিক বিদ্যালয় পাঠদানৰ বাবে সাজু কৰি তুলিছে মৰিগাঁও জিলা প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ে। বিগত দহ মাহে বন্ধ হৈ থকা ৰাজ্যৰ প্ৰাথমিক বিদ্যালয় সমূহ ৰাজ্য চৰকাৰে খোলাৰ সিদ্ধান্ত ঘোষণা কৰাৰ পাচতে প্ৰত্যেক জিলা শিক্ষা বিভাগে পাঠদানৰ বাবে সাজু কৰি তুলিছে প্ৰাথমিক বিদ্যালয় সমূহ ৷
মৰিগাঁও জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়েও জিলাখনৰ মুঠ ১৩৮০ খন বিদ্যালয় পাঠদানৰ বাবে সাজু কৰি তুলিছে ৷ সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নীতি অনুসৰি বিদ্যালয়খনত পাঠদান কৰাৰ বাবে সাজু হৈছে ১৩৮০ খন বিদ্যালয় ৷
লগতে পঢ়ক: নৱবৰ্ষৰ প্ৰাক মূহুৰ্তত জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ