ETV Bharat / state

জনসংখ্যা নিয়ন্ত্ৰণ আইন বলবৎ কৰাৰ দাবীত প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী লৈ পত্ৰ প্ৰেৰণ - modi

দুটা সন্তান নীতি বলবৎ কৰাৰ দাবী তুলি দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী লৈ পত্ৰ প্ৰেৰণ জনসংখ্যা সমাধান ফাউণ্ডেচনৰ । আগন্তুক 15 আগষ্টত এইখন বিধেয়কৰ খচৰা প্ৰস্তুত কৰা বিষয়ে সদৰি কৰিবলৈ আহ্বান ফাউণ্ডেচনটোৰ ।

population-solution-foundation-send-latter-to-modi
জনসংখ্যা নিয়ন্ত্ৰণ আইন বলবৎ কৰাৰ দাবীত প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী লৈ পত্ৰ প্ৰেৰণ
author img

By

Published : Aug 13, 2020, 5:30 PM IST

মৰিগাঁও, 13 আগষ্ট : দুটা সন্তান নীতি বলবৎ কৰাৰ দাবী তুলি দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী লৈ পত্ৰ প্ৰেৰণ জনসংখ্যা সমাধান ফাউণ্ডেচনৰ । আগন্তুক 15 আগষ্টত এইখন বিধেয়কৰ খচৰা প্ৰস্তুত কৰা বিষয়ে সদৰি কৰিবলৈ আহ্বান ফাউণ্ডেচনটোৰ । সকলোৰে বাবে দুটি সন্তান নীতি নিৰ্ধাৰণ কৰা এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়ণ কৰাৰ বাবে সজাগতা সৃষ্টি জনসংখ্যা সমাধান ফাউণ্ডেচনৰ। এই বিশেষ পদক্ষেপ লোৱাৰ উদ্দেশ্য হৈছে ভাৰতবৰ্ষত আগন্তুক এটা দশকৰ ভিতৰত চীনক অতিক্ৰম কৰি বিশ্বৰ আটাইতকৈ জনবহুল দেশ হোৱাৰ আশংকা । ক্ৰমান্বয়ে হ্ৰাস পাই অহা প্ৰাকৃতিক সম্পদ আৰু কভিড-১৯ মহামাৰীয়ে বিশ্ব অৰ্থনৈতিত কঢ়িয়াই অনা মন্দাৱস্থা তথা দৰিদ্ৰতা নিৰ্মূলকৰণৰ ভীমাকায় বোজাৰ পৰিপ্ৰেক্ষিতত দেশৰ ১৩৭ কোটি জনতাৰ দায়িত্ব লোৱাটো ৰাষ্ট্ৰৰ বাবে প্ৰত্যাহ্বান । জনসংখ্যা বিস্ফোৰণৰ বাবে বিশ্ব আন্তঃগাঁথনি নিৰ্মাণ, অত্যাধুনিক সেনা বাহিনী, বৈশ্বিক প্ৰতিযোগী কুশল কৰ্মশক্তি, আধুনিক আৰু সৰ্বস্পৰ্শী স্বাস্থ্য সেৱাৰ বাবে আৱশ্যকীয় সম্পদৰ ওপৰত অত্যাধিক চাপ পৰিছে।

population-solution-foundation-send-latter-to-modi
জনসংখ্যা নিয়ন্ত্ৰণ আইন বলবৎ কৰাৰ দাবীত প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী লৈ পত্ৰ প্ৰেৰণ
এই ফাউণ্ডেশ্যনে বিশ্বাস কৰে যে, বৰ্তমান ৰাষ্ট্ৰৰ সন্মুখত দুটি সন্তান নীতি বলবৎ কৰা বাহিৰে আন উপায় নাই। যোৱা ১১ জুলাইত বিশ্ব জনসংখ্যা দিৱস উপলক্ষে জনসংখ্যা সমাধান ফাউণ্ডেশ্যনে অসমৰ ১২৬ খন জিলাৰ পৰা জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰীলৈ এক কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে। এই সৰ্ম্পকত দেশৰ ৫১ গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা স্বাক্ষৰিত এক পত্ৰও প্ৰধানমন্ত্ৰীলৈ যোৱা ১৭ জুলাই তাৰিখে প্ৰেৰণ কৰা হয়।

বৃহস্পতিবাৰে জনসংখ্যা ফাউণ্ডেশ্যন অসম শাখা উদ্যোগত মৰিগাঁও জিলাই প্ৰধান মন্ত্ৰী, গৃহমন্ত্ৰী, গিৰিৰাজ সিং (কেন্দ্ৰীয় মন্ত্ৰী, মৎস্য,পশু আৰু দুগ্ধ উৎপাদন বিভাগ ) জে, পি ,নড্ডা (অধ্যক্ষ ,ভাৰতীয় জনতা পাৰ্টি) আৰু কেন্দ্ৰীয় আইন মন্ত্ৰীলৈ সংসদত আগন্তুক অধিবেশনতে এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন উত্থাপন কৰি বলবৎ কৰিবলৈ দাবী জনায় ৷

লগতে পঢ়ক : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ব্ৰহ্মপুত্ৰৰ বুকুত আৰক্ষীৰ অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.