মৰিগাঁও,১৬ জুন: চৌদিশে কেৱল উন্নয়নৰ শ্ল'গান । পিছে বেনাৰ-বিজ্ঞাপনত দেখি থকা উন্নয়নৰ প্ৰকৃত ছবিখন দেখা গৈছে ৰাজ্যৰ একাংশ বাট-পথত । মৰিগাঁৱত উন্নয়ন যেন এতিয়া ধোঁৱা চাঙত । মৰিগাঁও চহৰৰ অতি ব্যস্ত এটা বিশেষ পথে উদঙাইছে উন্নয়ণৰ প্ৰকৃত ছবি ।
এই বিশেষ পথচোৱাৰ শোচনীয় অৱস্থাৰ ফলত এতিয়া জীয়াতু ভুগিছে সাধাৰণ ৰাইজে । না খোজ কাঢ়ি আহ-যাহ কৰিব পাৰে, না দুচকীয়া-তিনিচকীয়া যান বাহনৰে চলাচল কৰিব পাৰে । যাৰ পৰিপ্ৰেক্ষিতত ভালুকৰ সাঙীত পৰিণত হৈছে এইচোৱা ব্যস্ত পথ । বিশেষকৈ এইচোৱা পথেৰে আহ-যাহ কৰে শংকৰ-মাধৱ মাধ্যমিক বিদ্যালয় আৰু মৰিগাঁও জাতীয় বিদ্যালয়ৰ শ শ ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক-অভিভাৱিকা ।
ইয়াৰ মাজতে বৃহত্তৰ মৰাকলং, এজাৰবাৰী বজাৰ,চনোৱাবড়ী ৰে'লষ্টেচনলৈ দৈনিক হাজাৰ বিজাৰ জনসাধাৰণ মৰণক শৰণ দি আহ-যাহ কৰিবলগীয়া হৈছে । কাৰ্যতঃ মৰিগাঁও জিলা অগ্নি নিৰ্বাপক তথা দূৰ্যোগ প্ৰশমন বিভাগৰ জৰুৰীকালীন সেৱাৰ অগ্নিনিৰ্বাপক বাহিনী গধুৰ বাহনসমূহ আহযাহ কৰে ।
পৰিতাপৰ বিষয় এয়ে যে এই পথৰে দৈনিক তিৱা স্বায়ত্তশাসিত পৰিষদৰ বিষয়া, কৰ্মচাৰী তথা বিষয়ববীয়া তথা জনপ্ৰতিনিধিসকল আহ-যাহ কৰে যদিও কোনোৱে এইচোৱা পথৰ উন্নয়ন বাবে হাতত লোৱা নাই যাৱতীয় ব্যৱস্থা । ফলত ৰ'দ দিয়াৰ সময়তো দ-গাঁতৰ বাবে আহ-যাহ কৰিব নোৱাৰে জনতা ।
আনহাতে এজাক সামান্য বৰষুণৰ ফলত গাঁতসমূহত বৰষুণৰ পানী জমা হোৱাৰ বাবে শেহতীয়াকৈ অতিষ্ঠ হৈ পৰিছে স্থানীয় ৰাইজ । এতিয়া প্ৰশ্ন উত্থাপন হৈছে বিজেপিৰ দখলত থকা তিৱা স্বায়ত্ত পৰিষদকে ধৰি অগ্নি নিৰ্বাপক, পৰিবহন বিভাগৰ লগতে আন কেইবাটাও চৰকাৰী কাৰ্যালয়ক সংযোগ কৰা মৰিগাঁও চহৰৰ এই বিশেষ পথটো উন্নয়ন বাবে কোনে হাতত ল'ব কাৰ্যকৰী পদক্ষেপ !
ছমাহত কৈ অধিক কাল শোচনীয় হৈ থকা পথটোৰ দুৰৱস্থা দেখিলে হয়তো আপোনাৰো চকু কপালত উঠিব । কিন্তু তথাপিও গা-নলৰে বিভাগীয় বিষয়া-কৰ্মচাৰীৰ । সামান্য এজাক বৰষুণৰ দিলে পুখুৰী সদৃশ হৈ পৰা এই পথটো ফলত অচল হৈ পৰে যাতায়ত ব্যৱস্থা । যাৰ বাবে দীৰ্ঘদিন ধৰি জলা-কলা খাবলগীয়া হৈছে অঞ্চলটোৰ সৰ্বসাধাৰণ জনতাই ।
লগতে পঢ়ক: Deforestation at Dibrugarh:পথ সম্প্ৰসাৰণৰ নামত ২,৫৫৩ জোপা গছৰ আহুতি