কলিয়াবৰ, 21 জুলাইঃ কলিয়াবৰৰ কামাখ্যা গাঁৱৰ সমীপৰ জয়সাগৰ দলনিত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হয় ৷ প্ৰথমে স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো ৷
দলনিত ঘাঁহ কাটিবলৈ যোৱা লোকে প্ৰথমতে মৃতদেহটো প্ৰত্যক্ষ কৰে । তিনিদিন পূৰ্বে লোকজনৰ মৃত্যু হোৱা বুলি অনুমান কৰিছে স্থানীয় লোকে ৷ উক্ত ঘটনাটো ৰাইজে ততালিকে অৱগত কৰে আৰক্ষীক ৷ ঘটনাস্থলীত শিলঘাট আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো ৷ উদ্ধাৰ হোৱা মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে । মৃতদেহটোত আঘাতৰ চিন আছে বুলি জানিব পৰা গৈছে । উক্ত ঘটনাটোৰ বাবে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি সমগ্ৰ অঞ্চলটোত । অৱশ্যে এইটো হত্যাকাণ্ড নে আন কিবা আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ৷
লগতে পঢ়ক- জোনাই আৰক্ষীৰ জালত তিনি দুৰ্ধৰ্ষ ডকাইত