ধিং, 3 জানুৱাৰী: মৰিগাঁও জিলাৰ মৈৰাবাৰীত বনভোজেৰে নৱবৰ্ষ উদযাপন কৰিলে বৃদ্ধাশ্ৰমৰ একাংশ আৱাসীয়ে ৷ দেওবাৰে warriors এক জাগৰণ নাৰীত্বৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত ব্যতিক্ৰমী ৰূপত এখন বৃদ্ধাশ্ৰমত আয়োজন কৰা হয় বনভোজৰ ৷ প্ৰতিষ্ঠানটোৰ এনে ব্যতিক্ৰমী প্ৰয়াসক শলাগ লৈছে একাংশই ৷
বনভোজ কাৰ্যসূচীত warriors এক জাগৰণ নাৰীত্বৰ মৰিগাঁও জিলা সমিতিৰ সভানেত্ৰী মিছিৰা বেগম, সম্পাদিকা গীতিমা ডেকাৰ লগতে উপদেষ্টা স্বপ্না কলিতা আৰু জিলা সমিতিৰ বৃত্ত সম্পাদক আলম বাহাৰুল ইছলাম উপস্থিত থাকে ৷ আটাইকেইগৰাকী লোকে আৱাসী সকলৰ সৈতে আনন্দৰ মাজেৰে সময় কটোৱাৰ লগতে তেওঁলোকৰ সৈতে মত-বিনিময়ো কৰে ৷