ETV Bharat / state

মৰিগাঁৱত সদৌ অসম সচেতন মহিলা মঞ্চৰ সভা

মৰিগাঁৱত ক্ষুদ্ৰ সঞ্চয় বিত্তীয় প্ৰতিষ্ঠানৰ দ্বাৰা শোষণ আৰু বঞ্চনাৰ বলি হোৱা মহিলাসকলে গঠিত কৰা সচেতন মহিলা মঞ্চৰ সভা ৷ মৰিগাঁও আৰু জাগীৰোড সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰমাকান্ত দেউৰী আৰু পীযুষ হাজৰিকাক ভোট প্ৰদান কৰিবলৈ মুকলিকৈ আহ্বান সদৌ অসম সচেতন মহিলা মঞ্চৰ সভানেত্রী অনুপমা ফুকনৰ ৷

morigaon-micro-finance-meeting
মৰিগাঁৱত সদৌ অসম সচেতন মহিলা মঞ্চৰ সভা সম্পন্ন
author img

By

Published : Mar 25, 2021, 1:19 PM IST

মৰিগাঁও,25 মাৰ্চ : ক্ষুদ্ৰ সঞ্চয় বিত্তীয় প্ৰতিষ্ঠানৰ দ্বাৰা শোষণ আৰু বঞ্চনাৰ বলি হোৱা মহিলাসকলে গঠিত কৰা সচেতন মহিলা মঞ্চৰ মৰিগাঁও জিলা সমিতিয়ে বুধবাৰে মৰিগাঁও সদৰ বিহুতলিত এখনি মুকলি সভা অনুষ্ঠিত কৰে ।

morigaon-women organisation-meeting
মৰিগাঁৱত সদৌ অসম সচেতন মহিলা মঞ্চৰ সভা সম্পন্ন

কেইবা শতাধিক মাইক্ৰ' ফাইনেন্সৰ প্ৰতাৰণাৰ বলি হোৱা ভুক্তভোগী মহিলাই উক্ত সভাত অংশগ্ৰহণ কৰে ৷ সভাখনত সদৌ অসম সচেতন মহিলা মঞ্চৰ সভানেত্রী অনুপমা ফুকনে ঘোষণা কৰে, "আমি সকলো মহিলা একত্ৰিত হৈছোঁ ৷ এইবাৰ বিধানসভাৰ মজিয়ালৈ বিজেপিয়ে যিসকল প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে তেওঁলোকক আমি ভোট দিম ৷"

আনহাতে, মৰিগাঁও আৰু জাগীৰোড সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰমাকান্ত দেউৰী আৰু পীযুষ হাজৰিকাক ভোট প্ৰদান কৰিবলৈ মুকলিকৈ আহ্বান জনায় নেত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক: ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান পলাশ চাংমাইৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.