মৰিগাঁও, 30 জুন : সদ্যঘোষিত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাত ৯২% লাভ কৰি মৰিগাঁও-নগাঁও সীমান্তৱৰ্তী ব্যক্তিগত শৈক্ষিক প্ৰতিষ্ঠান ৰিজ'নেন্স বিদ্যাপীঠলৈ গৌৰৱ কঢ়িয়াই আনে মেধাবী ছাত্ৰী খুচী ছেত্ৰীয়ে ৷ খুচীৰ সাফল্যত আনন্দিত ৰিজ'নেন্স বিদ্যাপীঠৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি হাজৰিকা, শিক্ষক-শিক্ষয়িত্ৰী আৰু পৰিচালনা সমিতিৰ সভাপতি খুচীৰ ঘৰত উপস্থিত হৈ আদৰণি জনোৱাৰ লগতে আগবঢ়ায় আঠহাজাৰ টকা নগদ ধন ।
এবছৰ বয়সতে পিতৃক হেৰুৱা খুচীয়ে মাতৃ সীতা মাই ছেত্ৰীৰ মৰমত লালিত-পালিত হয় । মাতৃ সীতা মাই ছেত্ৰীৰে আনৰ ঘৰত ভূঁই ৰুই, ধান দাই একমাত্ৰ কন্যাক সুখ্যাতিৰে উত্তীৰ্ণ কৰাৰ স্বাৰ্থত জীৱন যুঁজত নামি পৰিছিল সকলো দুঃখ গাঁথাক একাশৰীয়া কৰি । ইয়াৰ ফলস্বৰূপে সদ্যঘোষিত দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত ছটা কৈ বিষয়ত লেটাৰ নম্বৰ তথা ডিষ্ট্ৰিংচন লাভ কৰে খুচীয়ে । বিদ্যালয়ৰ অধ্যক্ষ তথা পৰিচালনা সমিতিয়ে খুচীক ভৱিষ্যতেও অধ্যয়নত সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে ।
লগতে পঢ়ক : কৰিমগঞ্জৰ নিলামবাজাৰত অগ্নিকাণ্ড