ETV Bharat / state

মৰিগাঁৱৰ জন্মাষ্টমী অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱাল - মৰিগাঁও

মৰিগাঁৱত পাঁচ সহস্ৰাধিক শিশু কৃষ্ণৰ নৃত্যৰে গঢ়িলে বিশ্ব অভিলেখ । অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশ লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৃষ্ণ সংস্কৃতিৰে বিশ্বজয় কৰাৰ বাবে আহ্বান ।

মৰিগাঁৱৰ জন্মাষ্টমী অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱাল
author img

By

Published : Aug 24, 2019, 7:39 PM IST

মৰিগাঁও,24আগষ্টঃ মৰিগাঁৱত শনিবাৰে এক ব্যতিক্ৰমী জন্মাষ্টমী অনুষ্ঠানৰ আয়োজন কৰা হয় । এই জন্মাষ্টমী অনুষ্ঠানতে পাঁচ সহস্ৰাধিক শিশুৰ কৃষ্ণ নৃত্যৰে গঢ়িলে বিশ্ব অভিলেখ । জিলাখনৰ বিভিন্ন প্ৰান্তৰৰ শংকৰদেৱৰ বিদ্যালয়ৰ শিশুসকলৰ দ্বাৰা মৰিগাঁও তৰুণৰাম খেলপথাৰত সমবেত হৈ এই অভিলেখ গঢ়িবলৈ সক্ষম হয় । এই অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশ লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৃষ্ণ সংস্কৃতিৰে বিশ্বজয় কৰাৰ বাবে আহ্বান জনায় । অনুষ্ঠানৰ শেষত বিশ্ব ৰেকড সংস্থাই প্ৰদান কৰে বিশ্ব অভিলেখৰ প্ৰমাণ পত্ৰ ।

মৰিগাঁৱৰ জন্মাষ্টমী অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱাল

উল্লেখ্য যে এই কৃষ্ণ জন্মাষ্টমী কাৰ্যসূচীত উত্তৰ কমলাবাৰীৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী, মন্ত্ৰী পিয়ুয হাজৰিকা, আঙুৰলতা ডেকাকে ধৰি বহু লোক উপস্থিত থাকে ।

Intro:মৰিগাঁৱত পাঁচ সহস্ৰাধিক শিশু কৃষ্ণৰ নৃত্যৰে গঢ়িলে বিশ্ব অভিলেখ।শ্ৰীশ্ৰী মাধৱদেৱৰ বিৰচিত " নাচ প্ৰাণ গোপাল গোৱালিৰ পাৰাতে নাচে " শীৰ্ষক বৰগীতত ভগৱত বন্দনাৰে দ্বিতীয় বৈকুণ্ঠত পৰিণত মৰিগাঁও।

Body:
আজিৰাতি শিলে বৰশিলে
নুশুনি প্ৰজাৰে মাত ।
পালি পহৰীয়া সবে নিদ্ৰা ভৈল
ওপজিলে জগন্নাথ।।

মৰিগাঁৱত বিশেষ আছুতীয়া জন্মাষ্টমী উদযাপন। ৫০০০ শিশু কৃষ্ণৰ অপূৰ্ব নৃত্য প্ৰদৰ্শন। জিলাখনৰ বিভিন্ন প্ৰান্তৰৰ শংকৰদেৱৰ বিদ্যালয়ৰ শিশুসকলৰ দ্বাৰা মৰিগাঁও তৰণৰাম খেলপথাৰত সমবেত হৈ কৃষ্ণ বন্দনা মুখৰিত কৰে মৰিগাঁৱৰ আকাশ বতাহ। ৫০০০ শিশু কৃষ্ণৰ "গোৱালী পাৰাতে নাচে শীৰ্ষক বৰগীতত সামূহিক নৃত্য প্ৰদৰ্শনেৰে অভিলেখ গঢ়ে।
কৃষ্ণ গোকুলম ,হিন্দু জাগৰণ মঞ্চকে ধৰে বহুকেইটা হিন্দুত্ব বাদী সংস্থাৰ উদ্যোগত এই বৰ্ণীল আৰু বণাৰ্ঢ্য কৃষ্ণৰ জন্মাষ্টমী মহোৎসৱ কাৰ্যসূচীত উত্তৰকমলাবাৰীৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী, মন্ত্ৰী পিয়ুয হাজৰিকা, আঙুৰলতা ডেকা, শংকৰদেৱৰ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাকে ধৰি বহু বিশিষ্ট লোক অংশ লয়।
এই অনুষ্ঠানত মুখ্য বক্তা ৰুপে ভাষণ ৰাখে আৰ এছ এছৰ সহ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ট বুজৰ বৰুৱাই। মনকৰিবলগীয়া যে মুখ্য অতিথি ৰূপে অংশলৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল কৃষ্ণ সংস্কৃতিৰে বিশ্বজয় কৰাৰ বাবে আহবান জনায়।
ইফালে বাসুদেৱৰ ভাও দি ডাঃ প্ৰদীপ সৰকাৰে এই মহাজন্মাষ্টমীত অংশ লৈ অভিভূত হোৱা বুলি জানিব দিয়ে।
স্মৰ্তব্য যে নাকেৰে শিৰোমণি দলৈয়ে নাকেৰে চিত্ৰ অংকণ কৰি সকলোৱে প্ৰশংসা বুটলিবলৈ সক্ষম হয়।
byte:1.basudev

byte.2.little

byte:3. satradhikar.janardandev goswami
অনুষ্ঠানৰ শেষত বিশ্বৰেকড সংস্হাই প্ৰদান কৰে এই প্ৰমাণ পত্ৰ।

Conclusion:ratul deka etvbharat.morigaon
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.