ETV Bharat / state

ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীৰ সফল অভিযান

author img

By

Published : Jul 28, 2020, 11:49 AM IST

ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীৰ সফল অভিযান ৷ আৰক্ষীৰ জালত তিনিটা সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ ড্ৰাগছ ৷ অভিযান তীব্ৰতৰ কৰাৰ কথা ঘোষণা জিলা আৰক্ষী অধীক্ষকৰ ৷

Morigaon drugs smuggler arrested
ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে তাব্ৰতৰ হ’ব অভিযান

মৰিগাঁও,27 জুলাইঃ সমাজৰ বাবে ব্যাধিস্বৰূপ নিচাজাতীয় ঔষধ আৰু ঔষধৰ ব্যৱসায়ীৰ প্ৰতি কঠোৰ হৈছে মৰিগাঁও আৰক্ষী ৷ দেওবাৰে নিশা মৰিগাঁও আৰক্ষীৰ এটা দলে অভিযান চলাই তিনিজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰাৰ লগতে তিনিখন বাহনসহ জব্দ কৰে 6 টা নিষিদ্ধ ঔষধৰ কাৰ্টন ৷ আটকাধীন তিনি সৰবৰাহকাৰী ক্ৰমে মুবাচিৰ ইকবাল ওৰফে পুতুল ওৰফে ৰাজা,(বালিজান) চাজিদুৰ ৰহমান (তেলাহী) আৰু মৰিগাঁও পৌসভাৰ 11 নং ৱাৰ্ডৰ ওমৰ আলী ৷

এটা গাড়ীৰ গেৰেজৰ ভিতৰত থকা এটা সুৰংগত লুকুৱাই থোৱা অৱস্থাত আৰক্ষীৰ দলটোৱে জব্দ কৰে 11,232 পেকেট নিচাজাতীয় দ্ৰব্য ৷ মৰিগাঁও আৰক্ষী প্ৰশাসনৰ যৌথ উদ্যোগত এই ক’লা সাম্ৰাজ্যৰ ঘাটি উৎখাত কৰাটো অসমৰ বাবে সমগ্ৰ ৰাজ্যখনৰ বাবেই এই অবৈধ কাৰ্যৰ বিৰুদ্ধে এক বাৰ্তা হ’ব বুলি মন্তব্য কৰিছে আৰক্ষী অধীক্ষক ডঃনন্দ সিং বৰকলাই ৷ আৰক্ষীয়ে জব্দ কৰা AS-02W-4675, AS-01BJ-6162 নম্বৰৰ চুইফট ডিজায়াৰ দুখন আৰু নম্বৰবিহীন এখন পালছাৰ বাইকৰ পঞ্জীয়ন বাতিল কৰিবলৈ জিলা পৰিবহন বিভাগক আহ্বান জনাইছে আৰক্ষীয়ে ৷ দেওবাৰে নিশা সংবাদ মিল সম্বোধন কৰি মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলাই এই ঘটনাৰ সবিশেষ সদৰি কৰাৰ লগতে এই ক’লা ব্যৱসায়ত সকলৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰাৰ কথা ঘোষণা কৰে ৷

লগতে পঢ়কঃ কাৰ্গিল যুদ্ধৰ সময়ৰ কাহানিও নেদেখা কেতবোৰ দৃশ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.