মৰিগাঁও, 20 নৱেম্বৰঃ মৰিগাঁৱৰ আৰক্ষীৰ জালত পাঁচটাকৈ প্ৰবঞ্চক । মৰিগাঁৱৰ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে এটা নকল টকা তৈয়াৰ কৰা মেচিন । সমগ্ৰ কাণ্ড সন্দৰ্ভত মৰিগাঁৱৰ ধৰমতুল আৰক্ষীৰ থানাত 121/20 নম্বৰত গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত ।
ঘটনাৰ বিৱৰণী মতে, বৃহস্পতিবাৰে মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষীৰ অধীক্ষৰ নেতৃত্বত চলোৱা এক অভিযানত জিলাখনৰ ধৰমতুল আৰক্ষী থানাৰ বৰঘাটৰ বিজু ভূঞাৰ ঘৰৰ পৰা জব্দ কৰে এটা নকল টকা বনোৱা মেচিন । এই সন্দৰ্ভত মৰিগাঁও জিলা আৰক্ষী অধীক্ষক ড৹ নন্দ সিং বৰকলাই এক সংবাদমেল সম্বোধন কৰি কয় যে, পাঁচজনীয়া চক্ৰটোৱে মেচিনটো বিক্ৰী কৰাৰ সময়ত দহ-বিশ হাজাৰ প্ৰকৃত টকা দি বাকীখিনি টুকুৰা কাগজ মেচিনত ভৰাই দিয়ে ৷ ইয়াৰ পাচতে বহু টকা মেচিনৰ পৰা ওলাই আহে ৷ এনেদৰে ধৃত প্ৰৱঞ্চকৰ দলটোৱে বিক্ৰী কৰে মেচিনটো ।
লগতে পঢ়কঃ অসমত ৰিপুন বৰাৰ নেতৃত্বত মিঞা সভ্যতা গঢ়ি উঠিছে: হিমন্ত বিশ্ব শৰ্মা