ETV Bharat / state

মৰিগাঁৱত আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী - ড্ৰাগছ বিৰোধী অভিযান

জাগীৰোডৰ শিলভাগা বস্তি এলেকাত দীৰ্ঘদিন ধৰি চলি আছে ড্ৰাগছৰ বেহা ৷ অসামৰিক পোচাকত আৰক্ষীয়ে চলোৱা অভিযানত আটক কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী ফৰিদুল ইছলাম ৷

drugs peddler  arrested
আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী
author img

By

Published : May 14, 2021, 3:37 PM IST

মৰিগাঁও , 14 মে’: ক্ৰমাৎ, ড্ৰাগছ ব্যৱসায়ীৰ ঘাটিলৈ পৰ্যবসিত হৈছে জাগীৰোডৰ শিলভাগা বস্তি এলেকা । শেহতীয়াকৈ এইসকল ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে, অসামৰিক পোচাকত আৰক্ষীয়ে চলায় ড্ৰাগছ বিৰোধী অভিযান ।

উল্লেখযোগ্য যে, বৃহস্পতিবাৰে চলোৱা এক অভিযানত পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে নিচাজাতীয় সামগ্ৰীৰ লগতে আৰু কিছু আপত্তিজনক সামগ্ৰী ৷ লগতে এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে আটক কৰিছে জাগীৰোডৰ শিলভঙা অঞ্চলৰ ফৰিদুল ইছলাম নামৰ এটা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক ৷ আৰক্ষীৰ আগমনৰ উমান পাই ফৰিদুলে পলায়নৰ চেষ্টা চলাইছিল যদিও খেদি খেদি অৱশেষত ফৰিদুলক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷

Morigaon drugs peddler  arrested
আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

ইয়াৰ পূৰ্বেও ড্ৰাগছ সৰবৰাহত জড়িত থকাৰ অভিযোগত জেললৈ গৈছিল ফৰিদুল ৷ অৱশ্যে, জামিন লাফৰ পাচত পুনৰ ড্ৰাগছৰ ব্যৱসায়ত ধৰিছিল অভিযুক্ত ফৰিদুলে ৷ ইতিমধ্যে, আৰক্ষীৰ আগত নগাঁৱৰ পৰা ড্ৰাগছ সমূহ যোগান ধৰা হয় বুলি প্ৰকাশ কৰিছে ফৰিদুল ইছলামে ৷

উল্লেখ্য যে, এই ব্যৱসায়ৰ সৈতে এটা বৃহৎ চক্ৰ জড়িত থকাৰ সন্দেহত ইয়াৰ বিৰুদ্ধে বৰ্তমানে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক :ৰাজ্যৰ তিনি তৈল প্ৰতিষ্ঠানলৈ আলফা(স্বা)ৰ দাবী পত্ৰ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.