মৰিগাঁও, 18 অক্টোবৰ: জাগীৰোডত স্বদেশী বুলি ৰায় পোৱাৰ পিছতো ভোটাৰ তালিকাত নাম সন্নিবিষ্ট নহ'ল পাৰ্বতী পালৰ। ২০১৫ চনতে বিদেশী ন্যায়ধীকৰণৰ ৰায় পোৱাৰ পিছতো আজি পয্যন্ত ভোটাৰ তালিকাৰ পৰা আতৰা নাই ডি-ভোটাৰৰ চাব ৷ জাগীৰোড আৰক্ষী থানাৰ অন্তৰ্গত পালিগুৰি গাঁও পঞ্চায়তৰ ঘুনুচা হাবি গাঁৱৰ পাৰ্বতী পালৰ নামটো সংশোধন নোহোৱাৰ ফলত সকলো ধৰণৰ চৰকাৰী সা- সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে লোকগৰাকী ৷
লগতে পঢ়ক: প্ৰসংগ মিজো আগ্ৰাসনঃ সৰৱ যুৱ কংগ্ৰেছ