মৰিগাঁও, 21 এপ্ৰিল: মৰিগাঁও স্বাস্থ্য বিভাগৰ উদ্যোগত বুধবাৰে জিলাখনৰ বিভিন্ন চিকিৎসা কেন্দ্ৰত 2342 লোকক ৰেপিড টেষ্ট কৰোৱা হয় । ইয়াৰে 128 লোকৰ দেহত ধৰা পৰে ক’ভিড 19ৰ অৱস্থিতি ।
আনহাতে ৰাজ্যত কৰ’ণা ভাইৰাছৰ সংক্ৰমণে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰৰ এক নিৰ্দেশ অনুসৰি মৰিগাঁও জিলাৰ প্ৰাক-প্ৰাথমিক বিদ্যালয়ক সামৰি পঞ্চম শ্ৰেণীলৈকে চৰকাৰী-বেচৰকাৰী বিদ্যালয় সমূহ বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে । বিশ্বত্ৰাস মহামাৰী কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যৰে দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ ৰ শাখা 30(2)(iii),(iv),(v) আৰু শাখা 34(h),(m)ৰ অধীনত এই ব্যৱস্থা লোৱা হৈছে । বুধবাৰে এই বিষয়ে সদৰী কৰে মৰিগাঁও জিলা তথ্য আৰু জনসংযোগ বিষয়া সুনীতি নাৰ্জাৰীয়ে ।
লগতে পঢ়ক: আৰম্ভ হ’ল মৰাণ জনগোষ্ঠীৰ বিহু