মৰিগাঁও, 16 আগষ্ট : বান্ধৈ-৮৪ ! মৰিগাঁৱৰ এদল প্ৰাপ্ত বয়স্কলোকৰ এক প্ৰয়াস । মৰিগাঁৱৰ এই লোকসকল দেওবাৰে হঠাৎ উপস্থিত হ’ল পৃথিৱী বিখ্যাত এশিঙীয়া গঁড়ৰ ৰম্যভূমি পবিতৰাত ৷ তেওঁলোকৰ লক্ষ্য অভয়াৰণ্য খনৰ অস্থায়ী বনকৰ্মী সকলক কিছু সকাহ দিয়াৰ । কাৰণ বিগত চাৰিটাকৈ বানৰ সময়ত পবিতৰাৰ অভয়াৰণ্য খনৰ অস্থায়ী বনকৰ্মীসকলে দিনে-নিশাই ৰ’দ বৰষুণক নেওচা দি অসম গৌৰৱ এশিঙীয়া গঁড়ৰৰ সুৰক্ষাৰ বাবে পালন কৰিছিল দ্বায়িত্ব । কিন্তু এইসকল অস্থায়ী বনকৰ্মীয়ে নাপায় চৰকাৰী দৰমহা । সেয়েহে ১৯৮৪ চনত মৰিগাঁও উচ্চ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা তাহানিৰ ছাত্ৰ-ছাত্ৰী তথা আজিৰ এইসকল ব্যক্তিয়ে সাধ্যানুসৰি আৰ্থিক সাহাৰ্য প্ৰদানৰে ৫৫ জন বনকৰ্মীক এটা ছাতিসহ ১৪ বিধ অত্যাৱশ্যকীয় খাদ্যসম্ভাৰৰ টোপোলা আগবঢ়ায় ।
এই সাহাৰ্য গ্ৰহণ কৰি আনন্দিত হৈছে অভয়াৰণ্য খনৰ অস্থায়ী বনকৰ্মীসকল । সেয়ে ধন্যবাদ জনালে বান্ধৈ -৮৪ ক । বান্ধৈ-৮৪ ৰ বন্ধু-বান্ধৱী সকল পবিতৰা লৈ আহি চাকৰি নিয়মীয়া নোহোৱা বনকৰ্মী,গৃহৰক্ষী সকলৰ কাষত থাকি মনোৱল আৰু প্ৰেৰণা দিয়াৰ বাবে ধন্যবাদ জনায় পবিতৰাৰ বনাঞ্চলিক বিষয়া মুকুল তামুলীয়ে ৷
লগতে পঢ়ক : মৰিগাঁও আৰক্ষীৰ অভিযানত ভেজাল তেলৰ ঘাটি উচ্ছেদ