মৰিগাঁও, 2 ছেপ্তেম্বৰ : বুধবাৰে মৰিগাঁৱত সদৌ তিৱা ছাত্ৰ সন্থা আৰু পাঁচটাকৈ তিৱা জাতীয় সংগঠনৰ সহযোগত মৰিগাঁও বিহুতলীত তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰা হয় । মৰিগাঁও বিহুতলী প্ৰাংগণত অনুষ্ঠিত ধৰ্মঘটত চৰকাৰ বিৰোধী শ্লোগান দি উত্তাল কৰে পৰিবেশ ।

বিশেষকৈ দীৰ্ঘদিন মধ্য অসমৰ তিৱা জনগোষ্ঠীটোক স্বাধিকাৰ আৰু স্বশাসনৰ নামত প্ৰতাৰণা কৰি আজিও ষষ্ঠ অনুসূচীভূক্ত নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি শীঘ্ৰে ষষ্ঠ অনুসূচীভূক্ত কৰিবলৈ দাবী জনায় ৷ সমান্তৰালভাৱে ৰাজ্যৰ জনবসতি পূৰ্ণ অঞ্চলত EIA খচৰা বিধেয়কখন অসম তথা উত্তৰ-পূৰ্বাঞ্চল বিৰোধী বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি অনতিপলমে উক্ত বিলখন খাৰিজ কৰাৰ বাবে দাবী জনায় চৰকাৰক ।
মনকৰিবলগীয়া যে শাসকীয় বিজেপি চৰকাৰে মধ্য অসমৰ তিৱা সংগঠনৰ এই দাবী মানি ন'লৈ কাম কৰিলে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি বিৰোধী স্থিতি গ্ৰহণ কৰিব বুলি সকিয়নী দিয়ে সদৌ তিৱা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক চেনীৰাম মালাঙে ।
লগতে পঢ়ক : আইছা আৰু বিপ্লৱী যুৱ সন্থাই দাহ কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি