ETV Bharat / state

মৰিগাঁৱৰ এটা পৰিয়ালৰ কৰুণ গাঁথা - পেটৰ কোনো জটিল ৰোগ

মৈৰাবাৰীৰ ভজাইখাইটী গাঁৱৰ আৰ্থিকভাৱে দুৰ্বল খজলউদ্দিনৰ পৰিয়ালক প্ৰয়োজন ৰাইজৰ কিছু সহায়ৰ ৷ কিয়নো পৰিয়ালটোৰ জ্যেষ্ঠ পুত্ৰই দুমাহৰ আগতে হেৰুৱাইছে মানসিক ভাৰসাম্যতা, কনিষ্ঠ পুত্ৰও আক্ৰান্ত পেটৰ কোনো জটিল ৰোগত, এঘাৰ বছৰীয়া কন্যাৰ বিকল দুয়োটা বৃক্ক, বিশেষভাৱে সক্ষম জ্যেষ্ঠ পুত্ৰৰ কণমানি সন্তানটিও ৷

এটা পৰিয়ালৰ কৰুণ গাঁথা
এটা পৰিয়ালৰ কৰুণ গাঁথা
author img

By

Published : Feb 11, 2020, 11:17 AM IST

মৈৰাবাৰী, 11 ফেব্ৰুৱাৰীঃ মৰিগাঁৱৰ এটা পৰিয়ালৰ কৰুণ গাঁথা ৷ এহাতে কোলাত বিশেষভাৱে সক্ষম নাতি আৰু মৃত্যুৰে যুঁজি থকা এঘাৰ বছৰীয়া কন্যা, আনহাতে দুই পুত্ৰও আক্ৰান্ত কোনো জটিল ৰোগত ৷

মৰিগাঁৱৰ এটা পৰিয়ালৰ কৰুণ গাঁথা

মৈৰাবাৰীৰ ভজাইখাইটী গাঁৱৰ খজলউদ্দিনৰ জ্যেষ্ঠ পুত্ৰ দিলৱাৰে দুমাহৰ আগতে হেৰুৱাইছে মানসিক ভাৰসাম্যতা ৷ বহিঃ ৰাজ্যলৈ কামৰ সন্ধানত গৈ, পেটৰ কোনো জটিল ৰোগত আক্ৰান্ত হৈছে কনিষ্ঠ পুত্ৰও ৷ দুয়োটা বৃক্ক বিকল হৈ পৰা পঞ্চম শ্ৰেণীত অধ্যয়নৰত কন্যা ৰহিমাও বৰ্তমান, চিকিৎসাৰ অভাৱত মৃত্যুকাতৰ যন্ত্ৰণাত পৰি ৰৈছে মজিয়াত ৷ লগতে জ্যেষ্ঠ পুত্ৰ দিলৱাৰৰ সন্তানটিও হৈছে বিশেষভাৱে সক্ষম ৷ এই সকলোবোৰ দেখিও যেন এতিয়া অসহায় পৰিয়ালৰ লোক ৷ কিয়নো তেওঁলোকৰ চিকিৎসাৰ বাবে পৰিয়ালৰ হাতত নাই পৰ্যাপ্ত ধন ৷ আৰ্থিকভাৱে জুৰুলা এই পৰিয়ালটোক খহনীয়াগ্ৰস্ত গাঁওবাসীয়ে কিছু পৰিমাণে সহায় কৰিছে যদিও, সেই সহায়ো পৰ্যাপ্ত নহয় পৰিয়ালটোৰ বাবে ৷ সেয়েহে তিনিটাকৈ জীৱন নিঃশেষ হ'বলৈ ধৰা এই পৰিয়ালটোক প্ৰয়োজন সকলোৰে আৰ্থিক সহায়ৰ ৷ ৰাইজৰ আহ্বান সকলোৱে যেন আগবাঢ়ি আহে পৰিয়ালটোৰ সহায়ৰ স্বাৰ্থত ৷ কোনো লোকে যদি এই পৰিয়ালটোক সহায় কৰিব বিচাৰে তেন্তে, SBI A/C- 36304702147 ( CIF NO - 89442275449)ত কিছু সহায়ৰ হাত আগবঢ়াব পাৰে

লগতে পঢ়ক ঃ দুৰাৰোগ্য ৰোগত আক্ৰান্ত নলবাৰীৰ এটি ফুলকুমলীয়া শিশু, অসহায় পিতৃ-মাতৃ

Intro:ধিং সমষ্টিৰ মৈৰাবাৰীৰ এটা পৰিয়ালৰ কৰুন গাথা কাহিনীBody:

মৰিগাঁৱৰ মৈৰাবাৰীৰ এটা পৰিয়ালৰ কৰুন গাঁথা। এহাতে কোলাত বিকলাংগ নাতি আৰু খিনিৰ ৰোগত মজিয়াত মৃত্যুৰে যুঁজা এঘাৰ বছৰীয়া কন্যাক চাই চকুলো টুকিছে। দুই পুত্ৰও যতিল ৰোগত আক্ৰান্ত।সকলো ফালে চকুৰে কেৱল অন্ধকাৰ দেখা এইজন লোকক কোনে সহায় কৰিব?

এওঁলোক সকলো খহনীয়াগ্ৰস্ত। তথাপি যোনে যেনেকৈ পাৰে দহ বিশ টকা দি খজলউদ্দিনক সহায় কৰিছে। কিন্তু তাৰে একো কৰিব পৰা নাই খজুল উদ্দিনে।মৈৰাবাৰীৰ ভজাইখাইটী গাৱৰ খজুলৰ ডাঙৰ লৰা দিলুৱাৰে দুমাহৰ আগত মানসিক ভাৰসাম্য হেৰুৱাইচে। সৰু লৰা জাকিৰ হুছেইনে বহিঃ ৰাজ্যত কাম বিচাৰি গৈ তাতে পেটৰ যতিল ৰোগত আক্ৰান্ত হৈ শয্যাশায়ী। পঞ্চম শ্ৰেনীত পঢ়া কন্যা ৰহিমা খাতুনৰ কিদনি বিকল হৈ চিকিৎসাৰ অভাৱত মৃত্যুকাতৰ যান্ত্ৰনাত মজিয়াত পৰি চিঞৰিছে। নিৰৱ দৰ্শক মাতৃ। ইফালে মানসিক বিকাৰগ্ৰস্ত পুত্ৰ দিলুৱাৰৰ যিটো সন্তান জন্ম দিছে সিও বিকলাংগ। চিকিৎসাৰ বাবে খজুলৰ হাতত নাই ফুটাকড়ি। এনে সন্ধিক্ষনত কোলাত বিকলাংগ নাতিক লৈ কিদনি বিকল কন্যাৰ মৃত্যু কাতৰ যান্ত্ৰনাৰ চিৎকাৰ এনেদৰে নিৰৱে শুনি তিল তিল কৈ মৃত্যুৰ মুখলৈ আগবঢ়াই দিব লগা হৈছে।
Byte - PUBLIC & kajul uddin.
সহৃদ জনৰ সহায় নাপালে অৰ্থৰ অভাৱতে তিনিটাকৈ জীৱন নিঃশেষ হব। সেয়ে ৰাইজৰ আহ্বান সকলোৱে পৰিয়াল টোক সহায় কৰক । কোনো দয়াবান লোকে সহায় কৰিব খুজিলে SBI A/C - 36304702147 ( CIF NO - 89442275449) ত সহায় কৰিব পাৰিব। চৰকাৰৰ কথা বাদ দল সংগঠন সমূহে পৰিয়াল টোক চকুমেলি চালেও পৰিয়াল টোৱে সামান্য পৰিমানে হলেও সকাহ পাবConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.