ETV Bharat / state

লাহৰীঘাটত সাংবাদিকক দুৰ্ব্যৱহাৰ শিক্ষকৰ

author img

By

Published : Jun 2, 2020, 8:15 PM IST

লাহৰীঘাটত সাংবাদিকক দুৰ্ব্যৱহাৰৰ অভিযোগ উত্থাপন শিক্ষকৰ ৷ মধ্যাহ্ন ভোজনৰ চাউল বিতৰণৰ নামত চৰকাৰ তথা স্বাস্থ্য বিভাগৰ নীতি-নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন দেৱাগুৰী মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ ৷

Misbehave with journalist at laharighat morigaon assam etv bharat news
সাংবাদিকক দুৰ্ব্যৱহাৰ

ধিং,2 জুন: লক ডাউন অব্যাহত থকাৰ মাজতে একাংশ ব্যক্তিৰ কাণ্ডজ্ঞানহীনতাই চকু কপালত তুলিব সচেতন ব্যক্তিৰ ৷ লাহৰীঘাট প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত দেৱাগুৰী মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে এনে ঘটনা । মধ্যাহ্ন ভোজনৰ চাউল নিবলৈ আহি সামাজিক দুৰত্ব আওকাণ কৰি ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলে অমান্য কৰে চৰকাৰী নিৰ্দেশনা ৷ সমান্তৰালকৈ বিদ্যালয় কৰ্তৃপক্ষ তথা প্ৰধান শিক্ষকগৰাকীয়ে লক ডাউনৰ নীতি-নিৰ্দেশনাক অৱমাননা কৰি মঙলবাৰে বিতৰণ কৰে চাউল । উক্ত কাৰ্যৰ খবৰ লাভ কৰি বিদ্যালয়খনত উপস্থিত হয় স্থানীয় কেইজনমান সাংবাদিক ৷ কিন্তু পৰিস্থিতিৰ বুজ ল’বলৈ উপস্থিত হোৱা সাংবাদিকক প্ৰধান শিক্ষক হাফিজ উদ্দিনে দুৰ্ব্যৱহাৰ কৰি ক্ষান্ত নাথাকি খেদি পঠিওৱাৰ চেষ্টা চলায় ৷

সাংবাদিকক দুৰ্ব্যৱহাৰ

আনহাতে,সামাজিক স্থানত চৰকাৰে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে যদিও বিদ্যালয়খনত কোনো এজন ব্যক্তিকে মাস্ক পৰিধান কৰা দেখা নাযায় ৷ এনে কাৰ্যৰ বিৰুদ্ধে মৰিগাঁও জিলা শিক্ষা বিভাগৰ লগতে জিলা প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ'ব ।

লগতে চাওকঃ কৃত্ৰিম বানৰ কবলত শিলচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.