ETV Bharat / state

মৰিগাঁৱত দুই ছাত্ৰ সংগঠনৰ পথ অৱৰোধ

author img

By

Published : Sep 15, 2020, 7:00 PM IST

পঁকী দলঙ নিৰ্মানৰ দাবীত মঙলবাৰে জাগীৰোড-মৰিগাঁও পথ অৱৰোধ কৰে সদৌ তিৱা ছাত্ৰ সন্থা আৰু তিৱা যুৱ ছাত্ৰ পৰিষদে ৷ ইয়াৰ উপৰিও জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠন দুটাই ৷

Marigaon Tiwa Student Union and Tiwa Yuva Chatra Parisad protest
মৰিগাঁৱত সদৌ তিৱা ছাত্ৰ সন্থা আৰু তিৱা যুৱ ছাত্ৰ পৰিষদৰ পথ অৱৰোধ

মৰিগাঁও, 14 ছেপ্তেম্বৰঃ পকী দলঙ নিৰ্মানৰ দাবীত জাগীৰোড-মৰিগাঁও পথ অৱৰোধ সদৌ তিৱা ছাত্ৰ সন্থা আৰু তিৱা যুৱ ছাত্ৰ পৰিষদৰ। বিগত 9 বছৰে ভকতগাঁও কপিলী নদীৰ ওপৰত থকা কাঠৰ দলঙখনৰে নিতৌ শ শ যাত্ৰীয়ে অহা যোৱা কৰিবলগীয়া হোৱাত ভীষণ সমস্যাৰ সৃষ্টি হৈছে ৷ ক্ৰমাৎ দুৰ্বল হৈ পৰা কাঠৰ দলঙখনত যিকোনো সময়তেই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা ৰাইজৰ ৷

আনহাতে,ঐতিহাসিক জোনবিল মেলাৰ পাৰত থকা ডালমিয়া চিমেন্ট কোম্পানীটোৰ বাবে বাঘজাপৰ পৰা পালিগুৰি পথছোৱা জৰাজীৰ্ণ হৈছে যদিও মেৰামতি কৰাৰ কোনো ব্যৱস্থা কৰা নাই কোম্পানীটোৱে ৷ সেয়েহে মঙলবাৰে সদৌ তিৱা ছাত্ৰ সন্থা আৰু তিৱা যুৱ ছাত্ৰ পৰিষদে এই দুয়োটা সমস্যা সন্দৰ্ভত জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ লগতে বাংঠাইগাঁও চাৰিআলি অৱৰোধ কৰে সংগঠন দুটাৰ সদস্যসকলে ৷

মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰ

লগতে পঢ়ক-ক্ৰমাৎ অনিশ্চয়তাৰ দিশে বাঘজানবাসীৰ ভৱিষ্যত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.