মৰিগাওঁ, 2 জুন: ধান কাটা কাঁচিৰে এজনক ৰেপি গুৰুতৰভাবে আহত । এই ঘটনাৰ মৰিগাঁৱৰ লাহৰীঘাটৰ ধূপগুৰিৰ বৰোতলী পথাৰৰ । আহতজনৰ নাম বাবলু দেবনাথ আৰু আক্ৰমণকাৰীৰ নাম মুকলেছুৰ ৰহমান ।
ঘটনাৰ বিবৰণী মতে মৰিগাঁও জিলা লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত ধূপগুৰিৰ গাঁৱৰ লক্ষীচৰণ ডেকাৰজাৰ বৰোতলী পথাৰত ধান দাবলৈ গৈছিল খুলশালি বাবলু দেবনাথ সহ কেইগৰাকীমান মহিলা । ঘটনাস্থলীত উপস্থিত থকা লোকৰ মতে মুকলেছুৰে পথাৰলৈ দুপৰীয়াৰ ভাত নিয়াত বহু পলম হৈছিল যাৰ বাবে দাৱনীৰ লগতে লক্ষীচৰণৰ খুলশালি বাবলুৱে গালি পাৰে । এইগালি গালাজে এটা সময়ত হিংস্ৰ ৰূপ ধাৰণ কৰে । পথাৰলৈ ভাত লৈ যোৱা মুকলেছুৰে কাঁচিৰে বাবলুক ডিঙিত ৰেপিদিয়াত অবৰ্ণনীয় পৰিবেশৰ সৃষ্টি হয় । আহত বাবলুক চিকিৎসাৰ বাবে ভৰ্তি কৰা হয় লাহৰীঘাট আদৰ্শ চিকিৎসালয়ত ।
লগতে পঢ়ক: প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰতিভা দেৱী সিং পাটিললৈ মেক্সিকোৰ সৰ্বোচ্চ সন্মান
আনহাতে ঘটনাৰ সন্দৰ্ভত লাহৰীঘাটৰ আৰক্ষী উপস্থিত হৈ শনিবাৰে বিয়লি সংঘটিত এই ঘটনাৰ মূল অভিযুক্ত মুকলেছুৰ ৰহমান আৰু ভিনিহিয়েক লক্ষীচৰণক আৰক্ষীয়ে আটক কৰি যাবতীয় ব্যবস্থাৰ গ্ৰহন কৰিছে ।