মৰিগাওঁ, 24 ছেপ্তেম্বৰ : সময়ৰ আহ্বানত সকলো অনায়াসে কৰি আহিছে অসমীয়া মহিলাই । মৰিগাঁও চহৰৰ পচতীয়াৰ বাসিন্দা অঞ্জলিয়ে এখন চাইকেলকেই সংগী কৰি লৈছে ৷ এই চাইকেলখনত এটা ট্ৰাংক,আগে পিছে বিভিন্ন কাপোৰৰ বেগ লৈ তেখেতে গাঁৱৰ বিভিন্ন প্ৰান্তত ব্যৱসায়ৰ বাবে প্ৰতিদিনেই ওলাই আহে ৷
কাপোৰ ফেৰীৰে জীৱন সংগ্ৰাম চলাইছে অঞ্জলি দাসে মৰিগাঁৱৰ অঞ্জলিয়ে পুৱাই চহৰত থকা মালিকৰ দোকানৰ পৰা চাইকেলৰ আগে পাছে সকলোতে বেগবোৰ লৈ দিনটোৰ বাবে আগবাঢ়ে ৷ জীৱন যুদ্ধৰ বাটত এনেদৰেই আগবাঢ়িছে অঞ্জলি দাস ৷ স্বামীহাৰা এইগৰাকী মহিলাই এইদৰে গাঁৱে গাঁৱে "কাপোৰ ফেৰী "ৰে ঘৰখন তথা ল"ৰা-ছোৱালী দুটাৰ পঢ়া শুনাৰ খৰচ যোগাৰ কৰি আগবাঢ়ি গৈছে মৰিগাঁও পচতীয়াৰ অঞ্জলি দাস ৷ লগতে পঢ়ক : ম্যানমাৰৰ চালানী মাছে বিপদ মাতিছে থলুৱা মস্যৎ পালকলৈ