ETV Bharat / state

মন্ত্ৰী পীয়ূষ হাজৰিকাক শীঘ্ৰেই স্থিতি স্পষ্ট কৰাৰ আহ্বান জোনবিল মেলা সমিতিৰ - জোনবিল মেলা পৰিচালনা সমিতি

ঐতিহাসিক জোনবিলৰ কোনো অস্তিত্ব নাই বুলি কৰা মন্ত্ৰী পীয়ূষ হাজৰিকাৰ মন্তব্যৰ পাচতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে জোনবিল পৰিচালনা সমিতিয়ে ৷ মন্ত্ৰীগৰাকীক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান সমিতিৰ সদস্যৰ ৷

পীয়ূষ হাজৰিকাক শীঘ্ৰেই স্থিতি স্পষ্ট কৰাৰ আহ্বান জোনবিল মেলা সমিতিৰ
জোনবিল মেলা
author img

By

Published : Nov 12, 2020, 10:50 PM IST

মৰিগাঁও, 12 নৱেম্বৰ : বুধবাৰে জাগীৰোডৰ বিধায়ক তথা ৰাজ্যিক মন্ত্ৰী পীয়ূষ হাজৰিকাই জোনবিল মেলাৰ পাৰত থকা ডালমিয়া চিমেন্ট কোম্পানীটোৰ স্থাপন কৰাৰ প্ৰসংগত বক্তব্য আগবঢ়াই কৈছিল যে, জোনবিলৰ অস্তিত্ব নাই । মন্ত্ৰী পীয়ূষ হাজৰিকাৰ এই মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জোনবিল মেলা পৰিচালনা সমিতিয়ে ৷ সমিতিৰ সভাপতি জুৰচিং বৰদলৈ প্ৰমুখ্যে সমিতিৰ একাংশ বিষয় ববীয়াই ইটিভি ভাৰতৰ সৈতে এক সাক্ষাৎকাৰত কয় যে, মন্ত্ৰী হাজৰিকাই এই মন্তব্য কিয় কৰিছে তেওঁলোকে বুজিব পৰা নাই ৷

পীয়ূষ হাজৰিকাক শীঘ্ৰেই স্থিতি স্পষ্ট কৰাৰ আহ্বান জোনবিল মেলা সমিতিৰ

যিহেতু জোনবিল মেলা 4 বছৰৰ পূৰ্বৰ পৰা চলি আহিছে আৰু জোনবিলক আধাৰ ৰূপে লৈ তিৱা সমাজ, সংস্কৃতি আৰু অসমীয়া সমাজৰ পৰিচয় বিশ্ব দৰবাৰত উজ্বলিছে । ভাৰতৰ দহখন ব্যতিক্ৰমী মেলাৰ তালিকাত জোনবিলৰ পাৰত বহা জোনবিল মেলাই স্থান লাভ কৰিছে । লাখ লাখ পাহাৰ-ভৈয়ামৰ লোকৰ সমন্বয় থলী হৈছে জোনবিল । সেয়ে মন্ত্ৰীগৰাকীৰ এই মন্তব্যই তিৱা সমাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

মন্ত্ৰীগৰাকীক সেয়েহে শীঘ্ৰেই স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাইছে জোনবিল মেলা পৰিচালনা সমিতিৰ সভাপতি জুৰচিং বৰদলৈয়ে ৷

লগতে পঢ়ক : হোজাইত প্ৰয়াত সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুত বন্তি প্ৰজ্বলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.