ETV Bharat / state

চৰকাৰী স্বীকৃতি প্ৰাপ্ত সাংবাদিকক নবীকৰণ কৰা পৰিচয় পত্ৰ প্ৰদান

মঙলবাৰে মৰিগাঁও জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত জিলা জনসংযোগ বিষয়াৰ কাৰ্যালয়ত এটি অনুষ্ঠানৰ আয়োজন কৰা হয় । এই অনুষ্ঠানতে চৰকাৰী স্বীকৃতি প্ৰাপ্ত সাংবাদিকসকলক নবীকৰণ কৰা পৰিচয় পত্ৰ প্ৰদান কৰে জিলা তথ্য আৰু জনসংযোগ বিষয়া সুনীতি নাৰ্জাৰীয়ে ।

চৰকাৰী স্বীকৃতি প্ৰাপ্ত সাংবাদিকক নবীকৰণ কৰা পৰিচয় পত্ৰ প্ৰদান
চৰকাৰী স্বীকৃতি প্ৰাপ্ত সাংবাদিকক নবীকৰণ কৰা পৰিচয় পত্ৰ প্ৰদান
author img

By

Published : Feb 16, 2021, 8:26 PM IST

ধিং, ১৬ ফেব্ৰুৱাৰী: চৰকাৰী স্বীকৃতি প্ৰাপ্ত সাংবাদিকসকলক নবীকৰণ কৰা পৰিচয় পত্ৰ প্ৰদান কৰি অভিনন্দন জ্ঞাপন কৰিলে মৰিগাঁও জিলা তথ্য আৰু জনসংযোগ বিষয়া সুনীতি নাৰ্জাৰীয়ে । মঙলবাৰে মৰিগাঁও জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত এক অভিনন্দন অনুষ্ঠান আয়োজন কৰা হয় । ২০১৭ বৰ্ষৰ পৰা ২০২০ বৰ্ষলৈকে মৰিগাঁও জিলাৰ যি সকল সাংবাদিকে চৰকাৰী স্বীকৃতি লাভ কৰিছে সেইসকল সাংবাদিকৰ পৰিচয় পত্ৰসমূহ নবীকৰণ কৰি এই অনুষ্ঠানতে আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় ।

চৰকাৰী স্বীকৃতি প্ৰাপ্ত সাংবাদিকক নবীকৰণ কৰা পৰিচয় পত্ৰ প্ৰদান
চৰকাৰী স্বীকৃতি প্ৰাপ্ত সাংবাদিকক নবীকৰণ কৰা পৰিচয় পত্ৰ প্ৰদান

জিলা তথ্য আৰু জনসংযোগ বিষয়া সুনীতি নাৰ্জাৰীৰ কাৰ্যকালত ২০১৭ চনৰ পৰা ২০২০ চনলৈকে চৰকাৰী স্বীকৃতি লাভ কৰা ১৭ গৰাকী চৰকাৰী স্বীকৃতি প্ৰাপ্ত সাংবাদিকক পৰিচয় পত্ৰ প্ৰদান কৰাৰ উপৰিও একোখনকৈ আৰনাই আৰু অভিনন্দন পত্ৰৰ লগতে জনসংযোগ বিষয়াগৰাকীয়ে নিজে লিখা এখন অসমীয়া আৰু এখন বড়ো ভাষাৰ কিতাপৰ সৈতে কেইবাখনো গ্ৰন্থৰ একোটাকৈ টোপোলা উপহাৰ হিচাপে প্ৰতিজন সাংবাদিকক দিয়ে ।

অনুষ্ঠানটিত নাৰ্জাৰীয়ে সাংবাদিকসকলৰ সৈতে হোৱা অন্তৰংগ আলাপত তেখেতে এতিয়াও বিদ্যুতৰ ব্যৱস্থা নথকা, জৰাজীৰ্ণ বাট-পথৰ এখন গাঁৱৰ পৰা আহি এগৰাকী জনসংযোগ বিষয়া হিচাপে কাম কৰাৰ অভিজ্ঞতাৰ লগতে চাকৰি জীৱনৰ বহু অভিজ্ঞতা ব্যক্ত কৰে । তেওঁ সাংবাদিকসকলক কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিবলৈ পৰামৰ্শ দিয়ে । তেওঁ কয় যে, অধ্যয়নে মানুহৰ মগজুৰ শ্ৰী-বৃদ্ধি কৰে ।

এই কাৰ্যসূচীৰ মাজতে মৈৰাবাৰী প্ৰেছ ক্লাব, লাহৰীঘাট প্ৰেছ ক্লাব, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ মৰিগাঁও জিলা সমিতিৰ তৰফৰ পৰা জনসংযোগ বিষয়া সুনীতি নাৰ্জাৰীক শৰাই, জাপি, ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱাৰ লগতে এখন সম্বৰ্ধনা পত্ৰও তেওঁলৈ আগবঢ়োৱা হয় ।

লগতে পঢ়ক:মাজুলীবাসীয়ে ১০ হাজাৰ গামোচাৰে আদৰণি জনাব মুখ্যমন্ত্ৰীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.