মৰিগাঁও, 28 জুলাই : কাৰাবন্দী কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত মঙলবাৰে উত্তাল হ'ল মৰিগাঁও চহৰ । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মৰিগাঁও জিলা সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত মৰিগাঁৱৰ ঐতিহাসিক দন্দোৱাত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়িত কৰি বিভিন্ন প্ৰতিবাদী শ্ল'গান দিয়ে প্ৰতিবাদকাৰীয়ে । বিশেষকৈ 'কা' বিৰোধী আন্দোলনত কাৰাবন্দী কৃষক নেতা অখিল গগৈৰ মুক্তি আৰু Environment Impact of Assessment Act 2020 চমুকৈ EIA ৰ বিৰুদ্ধে জিলাখনৰ কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগতে আম আদমী পাৰ্টিৰ সহযোগত অনুষ্ঠিত হোৱা এই গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে চৰকাৰক সকিয়নি দিয়ে ।
মৰিগাঁও জিলা সমিতিৰ সম্পাদক দেৱজিত পাতৰৰ স্পষ্ট অভিযোগ যে, যিখিনি সময়ত ৰাজ্যৰ কাৰাগাৰসমূহৰ পৰা বহুতো কাৰাবন্দীক মুকলি কৰি দিছে সেইখিনি সময়তে কৃষক নেতাগৰাকীক নিয়া আদালতে(NIA) দুটাকৈ গোচৰত বন্দী কৰি ৰাখিছে । অখিল গগৈক অতি সোনকালে মুক্তি নিদিলে সংগঠনকেইটাই তীব্ৰ প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ব বুলি হুংকাৰ প্ৰদান কৰে ৷
মৰিগাঁৱৰ দন্দুৱাত মানৱ শৃংখল কাৰ্যসূচীত সদৌ অসম কৃষক সংঘৰ কাৰ্যকৰী সভাপতি তুলসী ডেকা, আপৰ মৰিগাঁও জিলা সমিতিৰ সমন্বয়ক দিপাংকৰ ৰাজবংশী, জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি যতীন দাস, কাৰ্যকৰী সভাপতি ৰাতুল হাজৰিকা, সহ সম্পাদক জিতু ডেকা আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক খ্যাতিময় বৰা প্ৰমুখ্যে বহুকেইটা সংগঠনৰ নেতৃত্বই অংশ লয় ।
লগতে পঢ়ক : অসমৰ ভূ-খণ্ডত আগ্ৰাসন অৰুণাচলৰ