ETV Bharat / state

Hajjatra 2023:মুম্বাইৰ পৰা মৰিগাঁৱৰ ৪৫ হজযাত্ৰীৰ মক্কালৈ যাত্ৰা

হজৰ বাবে উত্তৰ-পূবৰ পৰা মক্কালৈ যাবলৈ আৰম্ভ কৰিছে ৬,৩০২ গৰাকী হজযাত্ৰীয়ে (Haj Pilgrims of North East) । অসমৰ হজযাত্ৰীসকলে মক্কা আৰু মদিনাত থকা সময়ছোৱাত তেওঁলোক যে অসমৰ পৰা আহিছে তাৰ বাবে ডিঙিত গামোচা লৈ থাকিব আৰু হোটেলৰ সন্মুখত গামোচাৰ পতাকা উৰি থাকিব ।

Chhatrapati Shivaji International Airport
ছত্ৰপতি শিৱাজী আন্তৰ্জাতিক বিমান বন্দৰ
author img

By

Published : Jun 8, 2023, 3:39 PM IST

ছত্ৰপতি শিৱাজী আন্তৰ্জাতিক বিমান বন্দৰ

ধিং, ৮ জুন:মুম্বাইৰ ছত্ৰপতি শিৱাজী আন্তৰ্জাতিক বিমান বন্দৰত অসমৰ হজযাত্ৰীৰ বুজ ল'লে মৰিগাঁৱৰ উপায়ুক্ত দেৱাশীষ শৰ্মাৰ লগতে ৩ বিষয়াই । হজযাত্ৰাৰ পূৰ্বে হজযাত্ৰীসকলৰ সকলো যাৱতীয় তথ্যপাতিৰ পুণৰীক্ষণ কৰি দিয়াৰ লগতে উপায়ুক্ত দেৱাশীষ শৰ্মাই আগবঢ়াইছে সহায়ৰ হাত । উল্লেখ্য় যে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ হজ যাত্ৰা বিগত ২১ মেৰ পৰা আৰম্ভ হৈছে । অসমৰ ৬,১৮৯গৰাকী হজযাত্ৰীৰ ৪৫ জনীয়া মৰিগাঁও জিলাৰ প্ৰথমটো দল মুম্বাইৰ ছত্ৰপতি শিৱাজী আন্তৰ্জাতিক বিমান বন্দৰৰ পৰা উৰা মাৰিছে (Chhatrapati Shivaji International Airport)।

উল্লেখ্য় যে মৰিগাঁৱৰ হজযাত্ৰীসকলক অসম ভৱন মুম্বাইৰ যুটীয়া আৱাসিক আয়ুক্ত হিচাপে মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই সহায় সহযোগ আগবঢ়োৱাৰ লগতে আদৰণি জনায় । আয়ুক্তগৰাকীয়ে মুম্বাইলৈ যোৱা অসমৰ হজযাত্ৰী সকলৰ যাতে কোনো অসুবিধা নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখি আগতীয়াকৈ সম্পূৰ্ণ ব্যাৱস্থা গ্ৰহণ কৰে । জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই হজযাত্ৰী সকলক শুভেচ্ছা জ্ঞাপন কৰি মক্কা উৰামৰাৰ আগমুহৰ্তলৈকে সহযোগ কৰে । জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই মক্কাত সকলোৱে যাতে বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা জনাই তাকেই কামনা কৰে । মৰিগাঁৱৰ হজযাত্ৰী সকলে আয়ুক্ত গৰাকীয়ে কৰা সহায় সহযোগত অত্যন্ত সুখী বুলি কয় (Pilgrims of Marigaon flew to Mecca)।

উল্লেখ্য় যে দেশজুৰি ক'ভিডৰ ভয়াবহতা অব্যাহত থকাৰ পিচতে ২০২৩ বৰ্ষত চৌদি আৰৱৰ চৰকাৰে এই সন্দৰ্ভত পূৰ্বৰ কঠোৰ নিয়ম বহুখিনি শিথিল কৰিছে । এই নিয়ম শিথিল কৰাৰ পিচতে উত্তৰ-পূবৰ ৬,৩০২ গৰাকী হজযাত্ৰী হজযাত্ৰালৈ যাবলৈ আৰম্ভ কৰিছে (Pilgrims of Haj pilgrimage) ৷ বিগত বৰ্ষতকৈ এইবাৰ হজযাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে (Haj pilgrims increases in 2023)। বিগত ২০২২ বৰ্ষত অসমকে ধৰি উত্তৰ-পূবৰ পৰা পবিত্ৰ হজ সমাপনৰ বাবে মক্কালৈ যোৱা হজযাত্ৰীৰ সংখ্যা আছিল ৩,৫০০ গৰাকী (Haj Pilgrims 2023)।

লগতে পঢ়়ক:World Food Safety Day: ভেজাল খাদ্যৰে মানুহক ৰোগীয়া কৰাটো হত্যাৰ সমানেই পাপ; কেশৱ মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.