ETV Bharat / state

Guideline For New Year Celebration : নৱবৰ্ষত জনতাৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ মৰিগাঁও জিলা প্ৰশাসন

মাজত মাথোঁ কেইটামান মুহুৰ্ত । পূৰণি বৰ্ষটোক বিদায় দি নৱবৰ্ষক আদৰিবলৈ সাজু ৰাজ্যবাসী । নৱবৰ্ষ উদযাপনৰ নামত যাতে কোনো বিক্ষিপ্ত ঘটনা সংঘটিত নহয়, তাকে লৈ সষ্টম হৈছে জিলা প্ৰশাসনসমূহ । নৱবৰ্ষত জনতাৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি যথেষ্ট কঠোৰ হৈছে মৰিগাঁও জিলা প্ৰশাসনো (Marigaon police strict on drink and drive) ।

Guideline for new year celebration in Marigaon
নৱবৰ্ষ উদযাপন কৰোতে সাবধান হওক মৰিগাঁওবাসী
author img

By

Published : Dec 31, 2022, 2:11 PM IST

নৱবৰ্ষ উদযাপন কৰোতে সাবধান হওক মৰিগাঁওবাসী

মৰিগাঁও, ৩১ ডিডচেম্বৰ : সমগ্ৰ বিশ্বৰ লগতে অসমবাসীও সাজু হৈছে নৱবৰ্ষক আদৰিবলৈ (New year celebration 2023) । ৰাজ্যবাসী সাজু হোৱাৰ সমান্তৰালভাৱে ৰাজ্য চৰকাৰেও কেতবোৰ নীতি-নিয়ম বান্ধি দি জিলা প্ৰশাসনলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে । চৰকাৰৰ এই নিৰ্দেশনা অনুসৰি মৰিগাঁও জিলা প্ৰশাসনেও জিলাখনৰ পৰিৱেশ সংৰক্ষণ আৰু সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰী নিৰ্দেশনা মানি চলাটো বাধ্যতামূলক কৰিছে ।

ইতিমধ্যে মৰিগাঁও জিলা প্ৰশাসনে অতি কঠোৰ পদক্ষেপ গ্ৰহণ কৰি জিলাখনৰ জাগীৰোড, মৈৰাবাৰী, লাহৰীঘাট আদি অঞ্চলকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তত আৰম্ভ কৰিছে এক বিশেষ অভিযান । আগন্তুক নৱবৰ্ষৰ গইনা লৈ যাতে গাড়ী-মটৰ চলাওতে কোনো অনিয়ম তথা অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয়, তাৰ প্ৰতি তীক্ষ্ণ নজৰ দিয়া পৰিলক্ষিত হৈছে মৰিগাঁও জিলা প্ৰশাসনে ।

কেৱল এয়াই নহয়, জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাই(Morigaon District DC) কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিছে । জিলা পৰিবহন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ লগতে আৰক্ষী প্ৰশাসনৰ সহযোগত চলিছে এই অভিযান । সমগ্ৰ মৰিগাঁও জিলাৰ চুকে-কোণে চলা এই অভিযানৰ জৰিয়তে সুৰাপান বা অন্য কোনো নিচাযুক্ত দ্ৰব্য সেৱন কৰি গাড়ী নচলোৱাৰ লগতে দুচকীয়া যানবাহন চলাওতে হেলমেট ব্যৱহাৰ কৰা, তীব্ৰ বেগেৰে গাড়ী চলোৱাত বাধা, গাড়ী চলাওতে ম'বাইল ফোনৰ ব্যৱহাৰ বন্ধ কৰা, চাৰিচকীয়া গাড়ী চলাওতে চিট বেল্ট ব্যৱহাৰ কৰাৰ আহ্বান জনোৱা হৈছে (Road safety program in Morigaon)।

এনে বিভিন্ন শ্লোগান দি দিন-ৰাতি একাকাৰ কৰি এই অভিযান সফল কৰিবলৈ উঠি পৰি লাগিছে জিলা প্ৰশাসন । ৩০ ডিচেম্বৰত জাগীৰোডত ১০ খন গাড়ী আৰু ২০ খন মটৰ চাইকেল জব্দ কৰা হয় । লগতে বহু গাড়ী-মটৰৰ চালকসকলক সুৰাপান কৰি আছে নেকি পৰীক্ষা-নিৰীক্ষা চলাইছিল অভিযানকাৰী দলটোৱে(Marigaon police strict on drink and drive) ।

মৈৰাবাৰীতো মৈৰাবাৰী আৰক্ষীয়ে অভিযান চলাই বহুকেইখন মটৰ চাইকেল জব্দ কৰি জৰিমনা বিহে । মুঠতে চৰকাৰৰ নীতি নিয়মৰ মাজেৰে যাতে সকলোৱে নৱবৰ্ষক আদৰি লয় তাৰ কাৰনে জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাই গ্ৰহণ কৰিছে এনে কঠোৰ পদক্ষেপ ।

উল্লেখ্য যে, নৱবৰ্ষ উদযাপনৰ সময়ছোৱাত পথ দুৰ্ঘটনাত কোনো লোকে যাতে প্ৰাণ হেৰুৱাবলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ নিৰ্দেশ জাৰি কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে (Guidelines to celebrate New Year) ৷ মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশ আখৰে আখৰে পালন কৰিছে প্ৰতিখন জিলাৰ আৰক্ষী-প্ৰশাসনে ৷

লগতে পঢ়ক: AASU on Constituency Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ আছু সভাপতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.